তিনি মাহত ৮০ শতাংশ মুনাফা বৃদ্ধি এছ বি আইৰ

955237 925235 887961 874672 sbi rep 1

দেশৰ সর্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ৰ যােৱা জানুৱাৰীৰ পৰা মার্চ সময়ছােৱাত বিগত বিত্তীয় বৰ্ষৰ চতুর্থটো ত্রিমাহিকত ৬,৪৫১ কোটি টকাৰ মুনাফা হ’ল ।

এবছৰ পূর্বে এই সময়ছােৱাত এছ বি আয়ে লাভ কৰা মুনাফাৰ পৰিমাণ আছিল ৩,৫৮১ কোটি টকা । অর্থাৎ পূর্বৰ বিত্তীয় বৰ্ষৰ অন্তিম ত্রিমাহিকৰ তুলনাত যােৱা বিত্তীয় বৰ্ষৰ অন্তিমটো ত্রিমাহিকত এছ বি আয়ে ৮০ শতাংশ মুনাফা বৃদ্ধি লাভ কৰিলে ।

ইফালে, এছ বি আইৰ পুঁজি বজাৰতাে পাঁচ শতাংশ শ্বেয়াৰ বৃদ্ধিৰে প্রতি শ্বেয়াৰৰ মূল্য ৪০৩ টকা হ’ল । বেংকটোৰ শ্বেয়াৰ মূল্য বিগত এমাহত প্রায় ১৭ শতাংশ আৰু চলিত বৰ্ষত ৪০ শতাংশ হাৰত বৃদ্ধি পাইছে ।

Exit mobile version