৪৫ বছৰ বয়সত ১৯০ ৰাণৰ ইনিংছ, ১৬৬ যুটীয়া ৰাণৰ ১৬০ ৰাণ এজনৰে, কাউণ্টিত ইতিহাস

3246

ইংলেণ্ডৰ কাউণ্টি ক্ৰিকেটৰ আলোচনাৰ কেন্দ্ৰবিন্দু ডেৰেন ষ্টিভেন্স । কেণ্ট দলৰ এই ৪৫ বছৰীয়া ক্ৰিকেটাৰজনে ১৯০ ৰাণৰ এটা ইনিংছ গ্লেমৰগনৰ বিৰুদ্ধে খেলে । তেওঁৰ ১৪৯ টা বলৰ ইনিংছত ১৫ টা চাৰি আৰু ১৫ টা ছয় আছিল । অৰ্থাৎ, ১৯০ ৰাণৰ ১৫০ ৰাণে তেওঁ কৰিছে ।

ষ্টিভেন্স যেতিয়া বেটিঙৰ বাবে নামিছিল তেতিয়া কেণ্টৰ ৮০ ৰাণ পাঁচ উইকেট হৈছিল । ১২৮ ৰাণৰ ভিতৰতে আঠ উইকেট যায় কেণ্টৰ । ইয়াৰ পৰাই খেলৰ গতি পৰিৱৰ্তন কৰে ষ্টিভেন্সে । তেওঁৰ স’তে বেটিং কৰিছিল মিগুৱেল কামিন্সে । দুয়োজনে যুটীয়াভাৱে ১৬৬ ৰাণ কৰে ।

অৱশ্যে যুটীয়া ৰাণত কামিন্সৰ অৱদান আছিল এক ৰাণ । ১৬০ ৰাণ ষ্টিভেন্সৰ আৰু বাকী পাঁচ ৰাণ অতিৰিক্ত আছিল । প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এইটোৱে আটাইতকৈ বেছি যুটীয়া ৰাণ, য’ত এজন বেটছমেনে আনজনতকৈ ৯০ শতাংশ অধিক ৰাণ কৰিছে ।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৩৬ তম শতৰাণ কৰিলে ষ্টিভেন্সে । তেওঁ কাউণ্টি ক্ৰিকেটৰ আটাইতকৈ বয়োজ্যেষ্ঠ ক্ৰিকেটাৰ । ২০১৯ত তেওঁ সবাতোকৈ প্ৰবীণ ক্ৰিকেটাৰ হিচাপে দ্বিশতৰাণ কৰে । বয়সক মাত্ৰ এটা সংখ্যা প্ৰমাণিত কৰি আগবাঢ়ি গৈ আছে ষ্টিভেন্স ।

Exit mobile version