কৰ’নাত প্ৰয়াত কনিষ্ঠ চিকিৎসকৰ পৰিয়ালক এক কোটি অৰ্থ সাহায্য মুখ্যমন্ত্ৰী কেজৰিৱালৰ

vbk kejriwal corona delhi plasma twitter1

কৰ’না ৰোগীৰ চিকিৎসা কৰি প্ৰয়াত এজন চিকিৎসক । তেওঁৰ পৰিয়ালবৰ্গক এক কোটি টকাৰ অৰ্থ সাহায্য দিলে দিল্লী চৰকাৰে । দিল্লীৰ জিটিবি হাস্পতালৰ এই চিকিৎসকগৰাকীৰ নাম অনছ মুজাহিদ । তেওঁৰ পৰিয়ালক সাহায্য প্ৰদান কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, ‘কৰ’না পৰিস্থিতিত দিনে-নিশাই পৰিশ্ৰম কৰা এই স্বাস্থ্যকৰ্মীসকল প্ৰকৃতাৰ্থত সমাজৰ নায়ক । অনছৰ দৰে বহু চিকিৎসকৰ বাবেই আমি দিল্লীৰ একাধিক ৰোগীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছো ।’

অনছ জিটিবি হাস্পতালৰ গায়ন’কলজি বিভাগৰ কনিষ্ঠ চিকিৎসক আছিল । তেওঁৰ বয়স আছিল ২৬ বছৰ । মুখ্যমন্ত্ৰী কেজৰিৱালে জনায়, দিল্লীত অতিমাৰী পৰিস্থিতিৰ আৰম্ভণিৰ পৰাই কৰ’না ৰোগীৰ চিকিৎসা কৰি আহিছিল অনছে । যোৱা ন মে’ত তেওঁৰ মৃত্যু হয় । কৰ’নাত আক্ৰান্ত হোৱাৰ পাছদিনাখনে শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসকজনে ।

শনিবাৰে অনছৰ পৰিয়ালবৰ্গক লগ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰে, ‘কৰ’না ৰোগীৰ চিকিৎসা কৰোঁতে কৰোঁতে ২৬ বছৰ বয়সতে ছহীদ হ’ল অনছ । তেওঁৰ পৰিয়ালবৰ্গক চোৱা-চিতা কৰা আমাৰ কৰ্তব্য । আজি তেওঁৰ পৰিয়ালবৰ্গক লগ কৰি এক কোটি টকাৰ সাহায্য দি আহিছো ।’

মৃত্যুৰ সময়ত অনছে পিতৃ-মাতৃৰ লগতে ভাতৃ-ভগ্নীকো ইহ সংসাৰত এৰি থৈ যায় । মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে, তেওঁ অনছৰ পিতৃক প্ৰশ্ন কৰিছিল, তেওঁক আৰু কেনেধৰণে সহায় কৰিব পাৰিম ? প্ৰত্যুত্তৰত বৃদ্ধ মুজাহিদে কয়, এটাই আশা তেওঁৰ বাকী সন্তান কেইটিয়েও যেন অনছৰ দৰে দেশৰ কাম কৰিব পাৰে । দেশৰ প্ৰয়োজনত সহায় কৰিব পাৰে ।

Exit mobile version