কৰ’নাৰ দ্বিতীয় ঢৌত আৰ্থিক অনাটনত শ্বাহিদ কাপুৰ

ShahidNextMovie 1550288204 1585389995

ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌত বিধ্বস্ত খট্টৰ পৰিয়াল। গোটেই জীৱন যি ধন সঞ্চয় কৰিছিল তেওঁলোকে, সেই সকলো ধন চিকিৎসাৰ বাবে খৰচ কৰা হ’ল।

শ্বাহিদ কাপুৰৰ মাক আৰু দেউতাক নীলিমা আজিম আৰু পংকজ কাপুৰৰ ১৯৮৪ চনত বিবাহ বিচ্ছেদ হৈছিল। নীলিমাই ১৯৯০ চনত ৰাজেশ খট্টৰৰ স’তে পুনৰ বিবাহত বহে । তেওঁলোকৰ পুত্ৰ অভিনেতা ঈশান খট্টৰ। পৰবৰ্তী সময়ত নীলিমাৰ স’তে পৃথক হোৱাৰ পাছত অভিনেত্ৰী বন্দনা ছাজনানিক বিয়া কৰাইছিল ৰাকেশে।

ৰাজেশৰ পৰিয়ালে বৰ্তমান এটা কঠিন সময়ৰ মাজেৰে পাৰ হৈ আছে।শাৰীৰিকভাৱে কোনো নাছিল। ঈশান খট্টৰৰ দেউতাক অভিনেতা ৰাজেশ খট্টৰ কৰ’নাৰ দ্বিতীয় ঢৌত আক্ৰান্ত হয় তেওঁ ক’ভিডৰ পৰা সুস্থ হৈ তবে যদিও তেওঁৰ পিতৃ কৰ’নাত মৃত্যুবৰণ কৰে ।

ঈশান খট্টৰ ৰাজেশ খট্টৰৰ পুত্ৰ। বন্দনাই অলপতে তেওঁলোকৰ দুৰ্দশাৰ বিষয়ে এটা সংবাদ মাধ্যমক জানিবলৈ দিয়ে। কৰ’নাৰ দ্বিতীয় ঢৌৰ সময়ত তেওঁৰ স্বামী অৰ্থাৎ ৰাজেশ আৰু শহুৰেকৰ অসুস্থতাৰ বাবে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।

সকলো টকা খৰচ কৰা হৈছে। তথাপিও শহুৰেকক বচাব পৰা নগ’ল। প্ৰথম ঢৌৰ সময়ত তেওঁ গৰ্ভৱতী আছিল। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অভিনেত্ৰীগৰাকীৰ কয়’ “সেই সময়ৰ পৰা এই পৰ্যন্ত চিকিৎসালয়ত দিন কটাইছে আমাৰ পৰিয়ালে ।আনকি তেওঁলোকৰ পুত্ৰ সন্তানকো আইচিইউত ভৰ্তি কৰিব লগা হৈছিল।

আৰ্থিক অনাতনৰ কথা উল্লেখ কৰি বন্দনাই কয় যে যোৱা বছৰ সকলো সঞ্চয় শেষ হৈ গৈছিল। টকা উপাৰ্জনৰ উপায়েও বন্ধ কৰি দিয়া হৈছে। তলাবন্ধত কোনো কাম নাই। অভিনেত্ৰীগৰাকীয়ে ২০২০ চনৰ পৰা মাত্ৰ এটা বিজ্ঞাপনত কাম কৰিছে।

Exit mobile version