ৰক্তদাতা (এইচবিএছ)ৰ উদ্যোগত ক’ভিড বিষয়ত সজাগতা

বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ক'ভিড যোদ্ধাক সম্বৰ্ধনা

WhatsApp Image 2021 05 23 at 5.39.09 PM

সম্প্ৰতি কৰ’না মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশত যি এক ভয়াৱহতাৰ সৃষ্টি কৰিছে তেনে সময়ছোৱাতে সকলোৱে সজাগ হোৱাৰ বাবে বিভিন্ন ক্ষেত্ৰৰ পৰা নানান সজাগতামূলক অভিযান আৰম্ভ কৰা হৈছে ৷ আজি বজালী জিলাতো ৰক্তদাতা (এইচবিএছ) গোটৰ উদ্যোগত আৰু জনসংখ্যা সমাধান ফাউণ্ডেছন ( যুৱ শক্তি)ৰ সহযোগত কৰ’না বিষয়ত সজাগতা অভিযান চলোৱা হয় ৷

এইচবিএছৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক তথা জনসংখ্যা সমাধান ফাউণ্ডেছনৰ (যুৱ শক্তি)ৰ বজালী জিলা সমিতিৰ অধ্যক্ষ হৰদ্বীপ চৌধুৰীৰ নেতৃত্ব এটি সঁজাতী দলে কৰ’না বিষয়ত সজাগতা সৃষ্টি কৰাৰ বাবে বজালী জিলাৰ বিভিন্ন ঠাইত বেনাৰ স্থাপন কৰে ।

উল্লেখ্য যে, সজাগতাৰ লগতে এইচবিএছ গোট আৰু জনসংখ্যা সমাধান ফাউণ্ডেশ্বন (যুৱ শক্তি)ৰ প্ৰিঞ্চ তালুকদাৰ, কৰ্ণৱ পাঠক, সঞ্জীৱ সাগৰ দাস, অভিজিৎ ঠাকুৰীয়াকে ধৰি কে’বাগৰাকীও সদস্যই কৰ’না মহামাৰীৰ সময়ত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ক’ভিড যোদ্ধাসকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ।

বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰী, সৰুপেটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ বসুমতাৰী, ভৱানীপুৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ তাৰিফ হুছেইনকে ধৰি কে’বাজনকো ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

Exit mobile version