পশ্চিমীয়া সংস্কৃতি ভীতি : উত্তৰ কোৰিয়াত নিষিদ্ধ হ’ল স্কিনি জিন-হেয়াৰষ্টাইল

pic 1

উত্তৰ কোৰিয়াৰ শাসক কীম জং উনে দেশখনত এইবাৰ নিষিদ্ধ কৰিলে স্কিনি জিছ আৰু মলেট হেয়াৰষ্টাইল। যুৱ প্ৰজন্মক পশ্চিমীয়া সংস্কৃতিৰ পৰা আঁতৰাই ৰাখিবলৈ কীমে এই সিদ্ধান্ত গ্রহণ কৰিলে।

প্রকাশিত বাতৰি অনুসৰি পশ্চিমীয়া সংস্কৃতিয়ে দেশৰ যুৱ প্ৰজন্মক ক্ষতি কৰিব পাৰে বুলি কীমে শংকা প্রকাশ কৰি আহিছে আৰু ইয়াৰ পূর্বেও তেওঁ দেশখনত বিভিন্ন পশ্চিমীয়া ৰীতি-নীতি নিষিদ্ধ ঘােষণা কৰিছিল।

শেহতীয়াভাৱে উত্তৰ কোৰিয়াৰ যুৱ প্ৰজন্মৰ মাজত স্কিনি জিছ, ৰিণ্ড জিছৰ লগতে বিভিন্ন ধৰণৰ পশ্চিমীয়া কেশবিন্যাস যথেষ্ট জনপ্রিয় হৈছিল।

পুঁজিবাদী এনে ফেশ্বন উত্তৰ কোৰিয়াত জনপ্রিয় হ’বলৈ ধৰাত পশ্চিমীয়া সংস্কৃতিৰ ভীতিত কীমে দেশত এনেবােৰ সাজ-পােছাক আৰু কেশবিন্যাস নিষিদ্ধ কৰিলে।

কীমৰ নির্দেশ অমান্য কৰি এনে পােছাক পৰিধান আৰু কেশবিন্যাস কৰিলে শাস্তি বিহা হ’ব বুলিও পিয়ংইয়ঙে ঘােষণা কৰিছে।

Exit mobile version