সঠিকভাৱে মাস্ক পৰিধান নকৰাৰ বাবে ডেৰ বছৰীয়া শিশুৰ পৰা জৰিমনা আদায় কৰে আৰক্ষীয়ে

1621840620 untitled 4

মধ্যপ্ৰদেশৰ অ’ল্ড গালা মাণ্ডিত সঠিককৈ মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা ভৰিব লগা হ’ল ডেৰ বছৰীয়া এটি শিশুৱে ! শিশুটিৰ অভিভাৱকৰ পৰা এশ টকা জৰিমনা আদায় কৰে আৰক্ষীয়ে ।

তথ্য অনুসৰি, মধ্যপ্ৰদেশৰ হাউচিং বোৰ্ড ক’ল’নিৰ পৰা গাড়ীৰে অ’ল্ড গালা মাণ্ডিত যাতায়ত কৰিছিল এটা পৰিয়ালে । তেওঁলোকৰ লগত এটি ডেৰ বছৰীয়া শিশু আছিল । গালা মাণ্ডি পোৱাৰ কিছু দূৰত আৰক্ষীৰ চেক প‌ইণ্টত তেওঁলোকৰ গাড়ী ৰখায় । সেই সময়ত গাড়ীত বহি থকা শিশুটিয়ে ভালকৈ মাস্ক পৰিধান কৰি থকা নাছিল । শিশুটিৰ মাস্ক এটা কাণত ওলমি আছিল । সেইটো লক্ষ্য কৰাৰ পাছতে জৰিমনা লয় আৰক্ষীয়ে ।

আৰক্ষীয়ে জনায়, বহুসংখ্যক লোকে সঠিককৈ মাস্ক ব্যৱহাৰ কৰিব নাজানে । কেতিয়াবা মাস্ক এটা কাণত ওলমি থাকে, কেতিয়াবা নাকৰ তলত থাকে আৰু নহ’লে থুতুৰিত লাগি থাকে । এনেদৰে মাস্ক পৰিধান কৰিলে সংক্ৰমণৰ আশংকা থাকে ।

দেশত অতিমাৰী বৃদ্ধি হোৱাৰ বাবে কঠোৰ হ’বলগীয়া হৈছে প্ৰশাসন । কঠোৰ নহ’লে সংক্ৰমণ ৰোধ কৰা সম্ভৱ নহ’ব । পৰিয়ালটোক মাস্কৰ সঠিক ব্যৱহাৰ সম্বন্ধে সচেতন কৰিবৰ বাবেই এই পদক্ষেপ বুলি জনায় আৰক্ষীয়ে ।

Exit mobile version