অহা বছৰত তৃতীয় বিবাহ সম্পন্ন কৰিব ব্রিটেইনৰ প্রধানমন্ত্রীয়ে

Boris Johnson

ব্রিটেইনৰ প্ৰধানমন্ত্রী বৰিছ জনছনে অহা বছৰত পুনৰ বিবাহপাশত আৱদ্ধ হ’ব। দীর্ঘদিনীয়া প্রেমিকা কেৰি ছাইমণ্ডছৰ স’তে জনছনে তৃতীয় বিবাহ সম্পন্ন কৰিব।

ইতিমধ্যে বিবাহ অনুষ্ঠানত অংশ ল’বলৈ জনছন দম্পতীয়ে আত্মীয় আৰু বন্ধুবৰ্গলৈ নিমন্ত্রণ পত্র প্ৰেৰণ কৰিছে। অৱশ্যে ক’ত ব্রিটিছ প্রধানমন্ত্রীয়ে এই বিবাহ সম্পন্ন কৰিব সেয়া এতিয়াও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই ৷

‘দ্য ছান’ৰ বাতৰি অনুসৰি ৫৬ বছৰীয়া জনছনে অহা বছৰত ৩৩ বছৰীয়া কেৰিৰ স’তে আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন কৰাটো প্রায় নিশ্চিত। নিমন্ত্ৰণী পত্ৰত ৩০ জুলাই ২০২২ত বিবাহৰ দিন উল্লেখ কৰা হৈছে ।

কিন্তু এই নিমন্ত্রণী পত্ৰত বিবাহ বাহৰৰ কথা উল্লেখ কৰা নাই। উল্লেখ্য যে পূর্বে ২০২০ ফেব্ৰুৱাৰীত জনছন আৰু কেৰিৰ বিবাহ সম্পন্ন হােৱাৰ কথা আছিল।

কিন্তু কৰ’নাৰ পৰিপ্ৰেক্ষিতত জনছন দম্পতীয়ে বিবাহ স্থগিত কৰিছিল। ২০১৯ত জনছন ব্রিটিছ প্রধানমন্ত্রী নির্বাচিত হােৱাৰ পাছৰে পৰা।ডাউনিং স্ট্রিটত জনছন আৰু কেৰিয়ে একেলগে বসবাস কৰি আহিছে ৷

যােৱা বছৰত জনছন দম্পতীৰ এটি পুত্র সন্তান জন্ম হৈছিল। জনছনে পূর্বে দুবাৰ বিবাহপাশত আৱদ্ধ হৈছিল ।

Exit mobile version