উজ্জয়িনীত কৰ’না প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা বুজাবলৈ গৈ সমস্যাত পৰিল চৰকাৰী প্ৰতিনিধিৰ এটা দল

1621924764 team in mp village

কৰ’না প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা বুজাবৰ বাবে আৰু উৎসাহিত কৰিবৰ বাবে সোমবাৰে মধ্যপ্ৰদেশৰ উজ্জয়িনী জিলাৰ মালিখেদি গাঁৱত এটা চৰকাৰী প্ৰতিনিধি দল গৈছিল । সেই দলৰ নেতৃত্বত আছিল মহিলা মৌজাদাৰ । গাঁওখনত গৈ গাঁওবাসীৰ আক্ৰমণৰ বলি হয় দলটো । তেওঁলোকক মাৰ-ধৰ কৰা হয় বুলিও অভিযোগ উত্থাপন হয় । গাঁওখনত পাৰদি সম্প্ৰদায়ৰ লোক বাস কৰে । কৰ’না প্ৰতিষেধকৰ সন্দৰ্ভত এই পৰ্যন্ত একাংশ লোকৰ মনত থকা ভুৱা ধাৰণা দাঙি ধৰে এই চিত্ৰ‌ই ।

প্ৰতিষেধকৰ বিষয়ত সেই গাঁৱত ইয়াৰ পূৰ্বেও এটা দল গৈছিল । কিন্তু সেই সময়তো প্ৰতিষেধক গ্ৰহণ কৰাত আগ্ৰহী নাছিল গাঁওবাসীসকল । আক্ৰমণত মালিখেদিৰ পঞ্চায়ত সদস্যাৰ স্বামী ছাকিল মহম্মদ কুৰেশ্বি আহত হয় । তেওঁৰ মূৰ ফাটে । দলৰ বাকী সদস্যসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে ।

গাঁওখনলৈ যোৱা দলটোৰ এজন সদস্যই কয়, ‘মৌজাদাৰ, আশাকৰ্মী, স্থানীয় পঞ্চায়তৰ সদস্য একজোঁট হৈ গাঁওখনলৈ গৈছিলো । প্ৰায় ৫০ জনীয়া এটা সশস্ত্ৰ দলে আমাক ঘেৰাও কৰে আৰু আক্ৰমণ চলাই ।’

আহত কুৰেশ্বিয়ে কয়, ‘কিবা বুজাৰ পূৰ্বেই গাঁওবাসীয়ে আমাক মাৰিবলৈ ধৰে । ম‌ই আঘাত পাইছো । মৌজাদাৰ আৰু অন্যান্য সদস্যসকলে পলায়ন কৰে ।’

অতিৰিক্ত আৰক্ষী ছুপাৰ ভুৰিয়াই কয়, ‘এই ঘটনাৰ স’তে জড়িত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত অব্যাহত আছে ।’

Exit mobile version