ক’ভিডত মৃত কৰ্মীৰ বেতন বন্ধ নহয়, সিদ্ধান্ত‌ টাটা ষ্টিলৰ

tatasteel1 kU4F

অতিমাৰীত সংস্থাৰ কৰ্মী আৰু তেওঁৰ পৰিয়ালক নিৰাপত্তা দিবৰ বাবে উদ্যোগী টাটা ষ্টিল । ক’ভিড পৰিস্থিতিত ‘সামাজিক সুৰক্ষা’ প্ৰকল্প লৈ আগবাঢ়ি আহিল তেওঁলোক । এই প্ৰকল্প অনুসৰি, ক’ভিড আক্ৰান্ত হৈ কোনো কৰ্মীৰ মৃত্যু হ’লেও তেওঁলোকৰ পৰিয়ালে মাহে মাহে বেতন পায় থাকিব । টাটা ষ্টিলৰ কৰ্মীৰ অৱসৰৰ বয়স ৬০ বছৰ ।

ADVERTISEMENT

ইয়াৰ পূৰ্বে কোনো কৰ্মীৰ ক’ভিডত মৃত্যু হ’লে তেওঁৰ পৰিয়ালবৰ্গই প্ৰত্যেক মাহে বাকী সময়ৰ দৰমহা লাভ কৰি থাকিব । লগতে, কৰ্মীৰ মৃত্যুৰ পাছতো পৰিয়ালৰ লোকে সংস্থাৰ অধীনত চিকিৎসা আৰু আবাসন সংক্ৰান্তিয় যাবতীয় সুযোগ-সুবিধা লাভ কৰি থাকিব ।

দেওবাৰে সংস্থাই আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে । লিখিত বিবৃতিত কোৱা হয়, ‘এই প্ৰকল্প অনুসৰি আমাৰ কৰ্মীসকলে সন্মান সহকাৰে বাস কৰিব ।’ লগতে, টাটা ষ্টিলৰ আগশাৰীৰ কৰ’না যুদ্ধাসকলৰ বাবেও বিশেষ সুবিধাৰ ঘোষণা কৰা হৈছে । কৰ্মৰত অৱস্থাত আগশাৰীৰ কৰ্মীসকলৰ মৃত্যু হ’লে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ স্নাতক পৰ্যন্ত শিক্ষাৰ দায়িত্ব বহন কৰিব সংস্থাই ।

অতিমাৰী পৰিস্থিতিত কৰ্মসংস্থাপন হ্ৰাস হোৱাৰ সময়ত সংস্থাটোৰ এই সিদ্ধান্ত‌ই প্ৰশংসা লাভ কৰিছে । সংস্থাৰ মুৰব্বী ৰতন টাটাক সামাজিক মাধ্যমত কৃতজ্ঞতা প্ৰকাশ কৰিছে সংস্থাৰ কৰ্মীসকলে ।

দেশৰ অক্সিজেনৰ নাটনি পূৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে টাটা ষ্টিলে । কেন্দ্ৰৰ আবেদন অনুযায়ী তেওঁলোকে অক্সিজেনৰ উৎপাদনো বৃদ্ধি কৰিছে । ষ্টিল মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, ইস্পাত কাৰখানাৰ পৰা লাভ কৰা চাৰি হেজাৰ ৪৩৫ মেট্ৰিক টন অক্সিজেনৰ এহেজাৰ ৪৮৫ মেট্ৰিক টন অথৰিটি অৱ ইণ্ডিয়া লিমিটেড (ছেইল)এ, টাটা ষ্টিলে এহেজাৰ ১৫৪ মেট্ৰিক টন আৰু ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডে ১৫৮ মেট্ৰিক টন লিকুইড অক্সিজেন উৎপাদন কৰিছে ।

Exit mobile version