কোকৰাঝাৰৰ নৱ নিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষকক সম্বৰ্দ্ধনা দোতমা প্ৰেছ ক্লাৱ আৰু ছাৰেণ্ডাৰ কেএলঅ’ এছোচিএচনৰ

WhatsApp Image 2021 05 25 at 6.51.27 PM

আজি দোতমা প্ৰেছ ক্লাৱ আৰু ছাৰেণ্ডাৰ কেএলঅ’ এছোচিএচনৰ তৰফৰ পৰা কোকৰাঝাৰ জিলাত নতুনকৈ যোগদান কৰা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজীৎ সিং পানেছাৰক সম্বৰ্দ্ধনা জনোৱা হয়।

উক্ত সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত আছিল দোতমা প্ৰেছ ক্লাৱৰ সভাপতি কৃষ্ণ বৰ্মন, সম্পাদক ৰমেশ কুমাৰ মিশ্রা, সহকাৰী সম্পাদক ধনকেশ বৰ্মন আৰু ছাৰেণ্ডাৰ কেএলঅ’ এছোচিএচনৰ সভাপতি কনকেশ্বৰ ৰায়, অমৃত মালাকৰ, চন্দন ৰায়।

কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ একাংশ যুৱক যুৱতীয়ে ড্ৰাগছৰ দৰে ভয়াৱহ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হৈ জিলাখনত বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱা বুলি দোতমা প্ৰেছ ক্লাৱ আৰু ছাৰেণ্ডাৰ কেএলও এছোচিএচনে অতিৰিক্ত আৰক্ষী অধীক্ষকজনক অৱগত কৰে।

অতিৰিক্ত আৰক্ষী অধীক্ষকজনে কোকৰাঝাৰ জিলাখনক দূৰ্নীতিমুক্ত জিলা হিচাপে গঢ় দিব বুলিও সদৰি কৰে।

Exit mobile version