ট্ৰাম্পক প্ৰদান কৰা এণ্টিবডি ককটেল উপলব্ধ হ’ব ভাৰততো, জানক মূল্য !

media handler 5

ক’ভিড চিকিৎসাৰ বাবে ভাৰতীয় বজাৰত এণ্টিবডি ককটেল ব্যৱহাৰ কৰাৰ কথা সোমবাৰে জনালে ৰচে ইণ্ডিয়াই । আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প বিগত বৰ্ষত কৰ’নাত আক্ৰান্ত হ‌ওঁতে তেওঁক ৰচে প্ৰস্তুত কৰা এণ্টিবডি ককটেলৰ পালি দিয়া হৈছিল । ‘কাচিৰিভিমাব’ আৰু ‘ইমডেভিমাব’ এই দুটা পৰীক্ষামূলক ঔষধৰে প্ৰস্তুত কৰা হৈছে ককটেল । অৱশ্যে ইয়াৰ মূল্য বহুত বেচি ।

সোমবাৰে এক বিবৃতিত সংস্থাই কয়, ‘এহেজাৰ দুশ মিলিগ্ৰাম ঔষধত ছশ মিলিগ্ৰাম কাচিৰিভিমাব আৰু ছশ মিলিগ্ৰাম ইমডেভিমাব থাকিব । ইয়াৰ প্ৰত্যেক মাত্ৰাৰ মূল্য হ’ব ৫৯ হেজাৰ ৭৫০ টকা । দুই মাত্ৰাৰ পেকৰ সৰ্বোচ্চ মূল্য হ’ব এক লাখ ১৯ হেজাৰ পাঁচশ টকা । উল্লেখ্য যে, দুই মাত্ৰাৰ প্ৰতি পেকেৰে দুজন ক’ভিড আক্ৰান্তৰ চিকিৎসা কৰিব পাৰিব ।’

এই ঔষধ ভাৰতীয় বজাৰত আনিব ছিপলা-ই । জুনৰ মাজভাগলৈকে দ্বিতীয় পৰ্যায়ৰ ঔষধ উপলব্ধ হ’ব ভাৰতত । ছিপলা আৰু ৰচে প্ৰকাশ কৰা বিবৃতিত জনোৱা হৈছে, প্ৰথম পৰ্যায়ৰ এণ্টিবডি ককটেইল (কাচিৰিভিমাব আৰু ইমডেভিমাব) ইতিমধ্যে উপলব্ধ হৈছে । জুনৰ মাজভাগলৈকে দ্বিতীয় পৰ্যায়ৰ ঔষধো পোৱা যাব ।

এই দুই পৰ্যায়ৰ ঔষধত প্ৰায় দুই লাখ ক’ভিড ৰোগী উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে । ষ্টেণ্ডাৰ্ডছ কণ্ট্ৰ’ল অৰ্গেনাইজেছন (চিডিএছচিঅ’)এ সম্প্ৰতি এই এণ্টিবডি ককটেইল জৰুৰীকালীন ভিত্তিত ভাৰতত ব্যৱহাৰৰ বাবে অনুমতি দিছে ।

Exit mobile version