দাঁত বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ পাঁচটা তাৎক্ষণিক ঘৰুৱা উপায়

tooth pain causes 1024x682 1

Hing big 898

ADVERTISEMENT

★হিং

হিঙক খাদ্য ৰান্ধোতে তৃপ্তি বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। হিং দাত বিষৰ পৰা আৰাম পোৱাত যথেষ্ট সহায় কৰে। হিঙক নেমুৰ ৰসৰ লগত মিশ্ৰন তৈয়াৰ কৰি দাতত লগালে দাত বিষৰ সোনকালে ৰেহাই পোৱা যায়।

★নহৰু

নহৰুত এলিচিন কম্পাউণ্ড থাকে যি এণ্টিবেক্টেৰিয়েল, এণ্টি বায়ৰল আৰু এণ্টি ফংগল গুণেৰে পৰিপূৰ্ণ হৈ থাকে। দাত বিষ হ’লে বিষ হোৱাৰ ফালে কেচা নহৰুৰ এটা ফুট চোবাই দিলে দাতৰ বিষৰ পৰা যথেষ্ট ৰেহাই পোৱা যায়।

★ পিয়াজ

দাত বিষ হ’লে পিয়াজ খাব পাৰে।পিয়াজ খালে দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। পিয়াজে দাঁতত সৃষ্টি হোৱা অপকাৰী কীট তথা বীজানুক নাশ কৰাত যথেষ্ট সহায় কৰে।

★আমলখিৰ পাত

আমলখি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ঠিক সেইদৰে আমলখিৰ পাতো দাত বিষৰ বাবে এবিধ অতি উপকাৰী দ্ৰব্য। দাতৰ বিষ হ’লে আমলখিৰ পাত চোবাই দিলে দাত বিষৰ পৰা যথেষ্ট আৰাম পোৱা যায়।

★ লং

দাত বিষত লঙৰ পৰা প্ৰস্তুত কৰা তেল দাতত লগালে দাত বিষৰ পৰা যথেষ্ট আৰাম পোৱা যায়। ইয়াৰোপৰি দাত বিষ হোৱাৰ ফালে লং এটা সোমোৱাই থ’লেও দাত বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।

Exit mobile version