শ্ৰীৰামপুৰত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

WhatsApp Image 2021 05 25 at 6.51.28 PM

অসম-বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। পুৱা ৯-৫০ বজাতে শ্ৰীৰামপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী । শ্ৰীৰামপুৰত উপস্থিত হৈ ক’ভিড-১৯ পৰীক্ষা কেন্দ্ৰ পৰ্যবেক্ষন কৰে । ক’ভিড যোদ্ধা স্বাস্থ্য কৰ্মী, প্ৰশাসনৰ লগত মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে।

বহি:ৰাজ্যৰ পৰা অহা ব্যক্তিগত বাহনৰ যাত্ৰী আৰু মালবাহী বাহনৰ চালক আৰু সহ চালকৰ ক’ভিড পৰীক্ষা কেন্দ্ৰৰ বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁৰ লগত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিটিচি প্ৰধান প্ৰমোদ বড়ো ৷

পুনৰ ১০ দিনৰ বাবে সান্ধ্য আইন বঢ়াই দিয়া হয়। চহৰ/নগৰ অঞ্চলত দিনৰ ১২ বজাৰ পৰা ৰাতিপুৱা পাঁচ বজালৈ আৰু গাঁও অঞ্চলত বিয়লি দুই বজাৰ পৰা ৰাতিপুৱা পাঁচ বজালৈ সান্ধ্য আইন বঢ়াই দিয়া বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে মুখ্যমন্ত্রীগৰাকীয়ে।

Exit mobile version