কেন্দ্ৰৰ বিৰুদ্ধে হোৱাটছ‌এপৰ গোচৰ ৰুজু, দাবী, নতুন বিধিৰ দ্বাৰা গ্ৰাহকৰ গোপনীয়তা ভংগ হ’ব

947009 whatsapp

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন ডিজিটেল বিধিৰ বিৰুদ্ধে হোৱাটছ‌এপে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰে । হোৱাটছ‌এপৰ দাবী, নতুন নিয়মাৱলী অনুসৰি গ্ৰাহকসকলৰ গোপনীয়তাৰ সুৰক্ষা নাথাকিব । যিটো হোৱাটছ‌এপে নিবিচাৰে ।

চৰকাৰে জাৰি কৰা নতুন নিয়মাৱলী বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে । সামাজিক মাধ্যমক তিনি মাহৰ সময় দিছিল কেন্দ্ৰ‌ই । মংগলবাৰে এই সময়সীমাৰ অন্তিমটো দিন আছিল । সেই দিনাখনেই গ্ৰাহক সুৰক্ষাৰ প্ৰসংগ উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে হোৱাটছ‌এপে ।

ফেচবুকে মংগলবাৰে জনাইছিল যে, তেওঁলোকে চৰকাৰৰ নতুন নিয়ম অনুসৰণ কৰাৰ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে । কিন্তু ফেচবুকৰে মালিকানাধীন হোৱাটছ‌এপে নতুন বিধিৰ বিৰোধিতা কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰে ।

এক বিবৃতি জাৰি কৰি হোৱাটছ‌এপে দাবী জনায়, ‘নতুন নিয়মাৱলীৰ দ্বাৰা গ্ৰাহকৰ গোপনীয়তাৰ সুৰক্ষা ভংগ হ’ব ।’ ভাৰতত ৪০ কোটি হোৱাটছ‌এপৰ গ্ৰাহক আছে । কেনেকৈ গ্ৰাহকৰ গোপনীয়তা ৰক্ষা কৰিব পাৰি সেই বিষয়ত বিশেষজ্ঞসকলৰ স’তে হোৱাটছ‌এপে আলোচনা কৰিছে বুলিও জনায় । লগতে, ভাৰত চৰকাৰৰ স’তেও এই বিষয়ত আলোচনা কৰা হৈছে বুলি বিবৃতিত প্ৰকাশ কৰা হয় ।

Exit mobile version