কৰ’না ৰােগীক ৰামদেৱৰ দৰৱ বিনামূল্যে দিব হাৰিয়ানাৰ বিজেপি চৰকাৰে

Coronil

বাবা ৰামদেৱৰ পতঞ্জলি প্রতিষ্ঠানে তৈয়াৰ কৰা কৰ’নাৰ দৰৱ কৰ’নিল। ক’ভিড আক্রান্তক বিনামূল্যে প্রদান কৰাৰ সিদ্ধান্ত ল’লে হাৰিয়ানাৰ বিজেপি চৰকাৰে।

ৰাজ্যখনৰ স্বাস্থ্য মন্ত্রী অনিল ভিজে টুইট কৰি এই কথা প্রকাশ কৰাৰ পাছতে সামাজিক মাধ্যমত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে ।

একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে প্রশ্ন কৰি কৈছে যে কৰ’নিলৰ দৰে দৰৱে কৰ’না প্ৰতিৰােধ কৰাৰ কোনাে প্রমাণ এতিয়ালৈকে লাভ কৰা হােৱা নাই, সেয়েহে এনে দৰৱ কিদৰে চৰকাৰে বিনামূল্যে ৰােগীক প্ৰদানৰ সিদ্ধান্ত ল’লে ?

উল্লেখ্য যে যােৱা নিশা টুইট কৰি হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰীয়ে কৈছিল, ‘এক লাখ পতঞ্জলি কৰ’নিল কিট হাৰিয়ানাৰ কৰ’না ৰােগীক বিনামূল্যে দিয়া হ’ব। ইয়াৰ অর্ধেক ব্যয় পতঞ্জলি আৰু অর্ধেক ব্যয় হাৰিয়ানা চৰকাৰৰ কৰ’না সাহায্য পুজিয়ে বহন কৰিব।’

Exit mobile version