মেষঃ শত্ৰু মিত্ৰ হ’ব । মধ্যম হ’লেও সাৱধানে দিনটো পাৰ কৰক । বিদ্যাত জটিলতা নাপায় । কৰ্মাদিও অযথা মন্থৰতা ।
বৃষঃ নতুন প্ৰেম । ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰো দেখা যায় । ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায় । প্ৰাপ্যদি কিছু পাব আৰু নতুন চিন্তাৰ উৎসাহ পাব, কিন্তু দাম্পত্যত উদ্বেগ ।
মিথুনঃ এলাহ বৃদ্ধি । কেতু, মংগল, শুক্ৰ, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই । কিন্তু সামগ্যিক দৃষ্টিত আহুকাল সামান্য হ’লেও থাকিব । শৰীৰ মধ্যম । বিদ্যাত মধ্যম ।
কৰ্কটঃ ৰাজহুৱা ব্যস্ততা । সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব । আৰ্থিকত চিন্তিত । খৰচৰ মাত্ৰা বৃদ্ধি । ব্যস্ততা ।
সিংহঃ উকীলৰ সুনাম । ধৈৰ্যৰে প্ৰতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক । বিদ্যালাভত বাধা কম । ভ্ৰমণাদিত কষ্ট হ’লেও শুভ । পিতৃৰ কথাত নিৰুৎসাহ । শৰীৰ বৰ ভালেৰে যোৱা টান । নতুন সংবাদত আনন্দ ।
কন্যাঃ ছাত্ৰ-ছাত্ৰীৰ মনত আনন্দ । মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব । কৰ্মস্থানত স্বচ্ছলতা নাথাকিব । দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব ।
তুলাঃ আহোদ-প্ৰমোদ । ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হ’লেও প্ৰকট নহ’ব । শৰীৰৰ প্ৰতি যত্ন লোৱাটো দংকাৰ বিদ্যাৰ্থীৰ মধ্যম । বন্ধু-বান্ধৱৰ পৰা উৎসাহ । কিন্তু তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল ।
বৃশ্চিকঃ প্ৰিয়জনৰ আগমন । সাধাৰণ খং ৰাগ । কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব । প্ৰেম প্ৰীতিত মধ্যম আবেগ বৃদ্ধি । খৰচ বাঢ়িব । দৰকাৰী কামৰ বাবে কোনোৱে কৰা চেষ্টাত সফল হ’ব ।
ধনুঃ ধনবৃদ্ধি । দৰিদ্ৰ নাৰায়ণৰ প্ৰতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব । দাম্পত্যত সন্তান আদিৰ লগত মধ্যম প্ৰভাৱ । অৰ্থ লাভ ।
মকৰঃ আদৰ্শবাদী মনোভাৱ । খং-ৰাগ বৃদ্ধি পাব পাৰে । শৰীৰৰ উত্তাপ হ’লেও ভয়ৰ বিশেষ কাৰণ নাই । অৱশ্যে প্ৰাপ্য ধন পোৱাৰ সম্ভাৱনা ।
কুম্ভঃ হঠাৎ উন্নতি । আৰ্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব । কৰ্মৰ ওপৰত বিশ্বাস থাকিব । কোনো কাৰণে বিৰক্ত ভাব আহিব পাৰে ।
মীনঃ সন্তান সুখ । প্ৰিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব । চিন্তাই আপোনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব । শৰীৰৰ প্ৰতি নজৰ ৰাখক । পিছে অপেক্ষা কৰা কোনো সংবাদত সুখ ।