নতুন তথ্যপ্ৰযুক্তি আইন বলৱৎ কৰিবৰ বাবে কেন্দ্ৰৰ পৰা তিনি মাহ সময় বিচাৰিলে টুইটাৰে

118200178 gettyimages 1128061419

ভাৰতৰ নতুন তথ্য প্ৰযুক্তি আইন সম্পৰ্কে কেন্দ্ৰৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ দিলে টুইটাৰ কৰ্তৃপক্ষই । বুধবাৰে সংস্থাটোৱে জনায়, তেওঁলোক ভাৰতৰ তথ্যপ্ৰযুক্তি আইন সংশোধনৰ বিষয়ে অৱগত । এই বিষয়ত উদ্বেগ প্ৰকাশ কৰে যদিও আইন অৱলম্বন কৰাৰ বাৰ্তা দিয়ে টুইটাৰে ।

ইতিমধ্যে, ডিজিটেল মাধ্যমত প্ৰকাশিত সকলো বিষয় নিয়ন্ত্ৰণ কৰিবলৈ সক্ৰিয় হৈ পৰিছে কেন্দ্ৰ । ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম ইত্যাদি সামাজিক মাধ্যমবোৰক এই বিষয়ত নিৰ্দেশনাও প্ৰেৰণ কৰিছে কেন্দ্ৰ‌ই । নিৰ্দেশনাত কোৱা হৈছে, নতুন নিয়ম অনুসৰণ কৰা হৈছে নে নাই, তাৰ তথ্য জনাবৰ বাবে এজন ‘কমপ্লেইনছ অফিচাৰ’ নিয়োগ কৰিব লাগিব সংশ্লিষ্ট সংস্থাই । ছাইটত কোনো ধৰণৰ আপত্তিকৰ কণ্টেণ্ট আপলোড কৰা হৈছে নেকি আৰু প্ৰয়োজনত ডিলিট কৰাৰ দায়িত্বতো তেওঁ থাকিব ।

প্ৰয়োজনত কমপ্লেইনছ অফিচাৰৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়েও জনোৱা হৈছে নতুন আইনত । টুইটাৰে জনায়, আইনৰ এই বিষয়টোক লৈ তেওঁলোকৰ গ্ৰাহকসকল উদ্বিগ্ন । টুইটাৰ কৰ্তৃপক্ষৰ মন্তব্য, ‘নতুন তথ্যপ্ৰযুক্তি আইনৰ এই চৰ্তৰ স’তে গণতান্ত্ৰিক নীতিৰ কোনো সামঞ্জস্য নাই ।’

লগতে, নতুন তথ্যপ্ৰযুক্তি আইন কাৰ্যকৰী কৰাৰ বিষয়টো আৰু তিনি মাহ পিছুৱাই দিবলৈ কেন্দ্ৰক অনুৰোধ কৰে টুইটাৰ কৰ্তৃপক্ষই । তেওঁলোকে জনায় যে, ভৱিষ্যতে বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে পুনৰ কেন্দ্ৰৰ স’তে আলোচনা কৰিব বিচাৰে ।

বিগত ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰণালয়ে জনাইছিল, কেন্দ্ৰ‌ই জাৰি কৰা নতুন নিয়ম অনুসৰণ কৰিবলৈ বিভিন্ন সামাজিক মাধ্যমৰ কৰ্তৃপক্ষক তিনি মাহ সময় দিয়া হৈছে । সেই অনুযায়ী, সংশ্লিষ্ট সংস্থাবোৰক মন্তব্য জনোৱাৰ নিৰ্দেশ দিছিল কেন্দ্ৰ‌ই । ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ দৰে বৃহৎ সংস্থাবোৰে নিয়ম অনুসৰণ নকৰিলে কেন্দ্ৰ‌ই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনায় ।

Exit mobile version