নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ

nij3te84 dead

হাউলীৰ কদমগুৰি গাঁৱৰ পল্লা নৈত বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা মহিলাগৰাকীৰ মৃতদেহ আজি উদ্ধাৰ হয়। তথ্য অনুসৰি উদ্ধাৰ হোৱা মহিলাগৰাকী বৰবালা গাঁৱৰ মফিদা খাতুন (২৩)।

ADVERTISEMENT

উক্ত মহিলাগৰাকী পল্লা নৈত গা ধুব গৈ সন্ধানহীন হৈ আছিল ৷ কদমগুৰিৰ মাকৰ ঘৰত আহি কাষতে থকা পল্লা নৈত গা ধুব গৈ সন্ধানহীন হৈছিল মহিলা গৰাকী ।

মহিলা গৰাকীৰ স’তে গা ধুবলৈ আহিছিল আন দুগৰাকী মহিলা । মহিলা দুগৰাকীয়ে জনোৱা মতে মফিদা খাতুনে পানীত নমাৰ পাছতে পানীৰ সোতত উটি গৈছিল ।

ইয়াৰ পাছতে মহিলা দুগৰাকীয়ে স্থানীয় লোকক খবৰ দিয়ে । স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ পাছতে ঘটনাস্থলীত হাউলী আৰক্ষী আৰু SDRF বাহিনীৰ দলে উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ অভিযান চলায় ।

বহু সময় অভিযান চলাই যদিও মহিলা গৰাকীক কালি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।আজি পুৱাৰে পৰা SDRF বাহিনীয়ে পুনৰ অভিযান চলাই মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । দুটি সন্তানৰ মাতৃগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকাকুল পৰিৱেশ‍ বিৰাজ কৰিছে ।

Exit mobile version