ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত ব্যক্তিৰ শৰীৰত যি ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰস্তুত হয়, ই অন্ততঃ এবছৰটো থাকিবই তদুপৰি, গোটেই জীৱন ৰোগ প্ৰতিৰোধ কৰিবলৈও সক্ষম । সাম্প্ৰতিক দুটা গৱেষণাত এই তথ্য পোৱা গৈছে । বিশ্বজুৰি টিকাকৰণ আৰম্ভ হোৱাৰ পাছৰ পৰাই বহুতে দাবী কৰি আহিছে যে, শৰীৰত প্ৰতিষেধকৰ ফলত সৃষ্টি হোৱা ৰোগ প্ৰতিৰোধ ক্ষমতা দীৰ্ঘস্থায়ী নহয় । এই দাবীক নস্যাৎ কৰিছে দুটা প্ৰতিবেদনে ।
প্ৰতিবেদনত কোৱা হৈছে, যিসকলে কৰ’না মুক্ত হৈ প্ৰতিষেধক গ্ৰহণ কৰিছে তেওঁলোকে ‘বুষ্টাৰ’ গ্ৰহণ কৰাৰ প্ৰয়োজন নাই । কিন্তু যিসকলে ক’ভিডত আক্ৰান্ত নোহোৱাকৈ প্ৰতিষেধক গ্ৰহণ কৰিছে বা আক্ৰান্ত হোৱাৰ পাছতো শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱা নাই তেওঁলোকে হয়তো ‘বুষ্টাৰ’ গ্ৰহণ কৰিব লাগিব ।
‘নেছাৰ’ জাৰ্নেলত প্ৰকাশিত এটা প্ৰতিবেদনত কোৱা হৈছে, ক’ভিড আক্ৰান্তৰ শৰীৰত যি ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি হয়, সংশ্লিষ্ট ব্যক্তিৰ অস্থি-মজ্জাত তাৰ চাপ থাকি যায়, প্ৰয়োজনৰ সময়ত ই এণ্টিব’ডী প্ৰস্তুত কৰিবলৈ সক্ষম ।
আন এক গৱেষণাত দাবী কৰা হৈছে, প্ৰথমবাৰ আক্ৰান্ত হোৱাৰ পাছত প্ৰায় এবছৰ ধৰি বি-কোষৰ শক্তি বৃদ্ধি ঘটে । ইয়াৰ পাছত প্ৰতিষেধক গ্ৰহণ কৰিলে শৰীৰত এক প্ৰকাৰৰ যৌথ ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি হয়, যি ভাইৰাছৰ বিভিন্ন প্ৰজাতিক প্ৰতিৰোধ কৰিবলৈ সক্ষম ।
গৱেষকসকলৰ অনুসৰি, বি-কোষ বহু দিনলৈ স্থায়ী হৈ থাকে । ফলত ই দীৰ্ঘদিন ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে সক্ষম হয় । অৱশ্যে, সকলোৰে ক্ষেত্ৰত যে একেই ধৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি হ’ব তেনে নহয় । সেয়ে প্ৰতিষেধক গ্ৰহণ কৰা প্ৰয়োজনীয় ।