মৰনৈ চাহ বাগিচাত ক’ভিড পৰীক্ষাৰ লগতে ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা

WhatsApp Image 2021 05 27 at 6.12.35 PM

ৰাজ্যৰ চহৰবোৰৰ লগতে গ্ৰাম্যঞ্চলতো ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে।তাৰ পৰিপেক্ষিত্বত ৰাজ্য চৰকাৰে গ্ৰাম্যঞ্চলত ক’ভিড ভেকচিন প্ৰদান কৰাৰ লগতে ক’ভিড পৰিক্ষা কৰাৰ ব্যৱস্থা হাতত লৈছে।

সেইমৰ্মে কোকৰাঝাৰ জিলাৰ ভিন্ন গ্ৰাম্যঞ্চলত ক’ভিড পৰীক্ষা কৰা পৰিলক্ষিত হৈছে। সমান্তৰাল কৈ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শ্ৰীৰামপুৰৰ মৰনৈ চাহ বাগিচাত আজিৰে পৰা ক’ভিড পৰীক্ষাৰ লগতে ক’ভিড ভেকচিন প্ৰদানৰ ব্যবস্থা কৰা হয়।

উক্ত ক’ভিড পৰীক্ষাৰ লগতে ক’ভিড ভেকচিন প্ৰদানৰ ব্যবস্থাৰ তদাৰকৰ দায়িত্ব প্ৰদান কৰে বিশিষ্ট সমাজসেৱক তথা শ্ৰীৰামপুৰ সমষ্টিৰ এমচিএলএ সজল কুমাৰ সিংহক।

আজি মৰনৈ চাহ বাগিচাত ক’ভিড পৰীক্ষাৰ লগতে ক’ভিড ভেকচিন প্ৰদানৰ ব্যবস্থাৰ পৰ্যৱেক্ষণ কৰি সজল কুমাৰ সিংহ ই সকলো ৰাইজক ক’ভিডৰ পৰীক্ষা আৰু ক’ভিড ভেকচিন লবলৈ আহ্বান জনায় লগতে চৰকাৰে বান্ধি দিয়া নীতি নিয়ম পালন কৰিবলৈও আহ্বান জনায়।

Exit mobile version