১২-১৭ বছৰীয়াৰ শৰীৰত কাৰ্যকৰী প্রমাণিত হ’ল মডার্নাৰ টিকা

shutterstock 1891094320 h2

শিশু-কিশােৰৰ বাবে ক’ভিডৰ প্ৰতিষেধকৰ সন্দৰ্ভত এক সুখবৰ । মার্কিন ক’ভিড প্রতিষেধক প্রস্তুতকাৰক প্রতিষ্ঠান মডার্নাই দাবী কৰা মতে, কোম্পানীটোৱে উৎপাদন কৰা ক’ভিড প্রতিষেধক ১২-১৭ বছৰ বয়সীয়া কিশােৰৰ ক্ষেত্ৰতাে ক’ভিড প্ৰতিৰােধত সমানে কার্যকৰী ।

মডার্নাই কিশােৰৰ মাজত প্রতিষেধক দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়ােগৰ ফলাফল প্রকাশ কৰি কয় যে মডার্না প্রতিষেধক ১২-১৭ বছৰীয়া লােকৰ মাজত ক’ভিড প্ৰতিৰােধৰ ক্ষেত্ৰত ৯৩ শতাংশ কার্যকৰী প্ৰমাণিত হৈছে ।

প্রতিষেধক প্রথম পালি গ্ৰহণৰ পাছত উক্ত বয়সৰ লােকৰ মাজত কার্যকাৰিতাৰ হাৰ ৯৩ শতাংশ আৰু দ্বিতীয় পালি গ্ৰহণৰ দুসপ্তাহ পাছত কার্যকাৰিতা এশ শতাংশ প্ৰভাৱশালী আৰু সুৰক্ষিত বিবেচিত হৈছে ।

মডার্নাই ক’ভিড প্রতিষেধকৰ পৰীক্ষামূলক প্রয়ােগৰ বাবে ৩৭৩২ কিশােৰক নির্বাচন কৰিছিল । এইসকল কিশােৰৰ ২৪৮৮ জনক প্রতিষেধকৰ দুটা পালি দিয়া হৈছিল ।

উল্লেখ্য যে আমেৰিকাত চলিত মাহতে ১২-১৫ বছৰীয়া কিশােৰক ফাইজাৰ-বায়’এনটেক প্রতিষেধক প্ৰদানৰ বাবে অনুমতি দিয়া হৈছিল । এইবাৰ অচিৰে মডার্নায়াে এই অনুমতি লাভ কৰাৰ পথ প্রশস্ত হ’ল ।

Exit mobile version