বিশ্বত প্রতি পাঁচ মৃত পুৰুষৰ এজনৰ মৃত্যুৰ কাৰণ ধূম্রপান

বিশ্বৰ দ্বিতীয় সর্বাধিক সংখ্যক লােকে ধূমপান কৰে ভাৰতত

image 2

ভাৰতত বিগত ৩০ বছৰ ধৰি ধূম্ৰপায়ী যুৱ প্ৰজন্মৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে । ২০১৯ত ভাৰতত ১৫-২৪ বছৰ বয়সীয়া যুৱ প্ৰজন্মৰ মাজত ধূম্রপায়ীৰ সংখ্যা আছিল দুই কোটি ।

২০৪খন দেশ সামৰি কৰা এক সমীক্ষাৰ প্রতিবেদনত উল্লেখ কৰা মতে, বিশ্বত ২০১৯৩ ধূমপান কৰা লােকৰ সংখ্যা ১১০ কোটিলৈ বৃদ্ধি পালে এই পৰিসংখ্যা ।

আন্তর্জাতিক স্বাস্থ্য পত্রিকা ‘দ্য লেনছেট’ত প্রকাশিত ‘দ্য গ্ল’বেল বার্ডেন অৱ ডিজিজ’ শীর্ষক প্রতিবেদনত উল্লেখ কৰা হৈছে । প্রতিবেদনৰ তথ্য অনুসৰি, ২০১৯ত ধপাতজাতীয় ধূম্রপানৰ ফলত বিশ্বত মুঠ ৭৭ লাখ লােকৰ মৃত্যু হৈছিল ।

বিশ্বত প্রতি পাঁচজন মৃত পুৰুষৰ এজনৰ মৃত্যুৰ কাৰণ হৈছে ধূম্রপান । চিগাৰেট সেৱন কৰা ৮৯ শতাংশ লােকৰ বয়স হৈছে ২৫ বছৰৰ ভিতৰত ।

২০১০ত বিশ্বত চীন, ভাত, ইণ্ডোনেছিয়া, আমেৰিকা, ৰাছিয়া, বাংলাদেশ, জাপান, তুৰস্ক, ভিয়েটনাম, ফিলিপাইনছ — এই ১০ খন দেশত সর্বাধিকসংখ্যক লােকে ধুমপান কৰিছিল ।

বিশ্বৰ ধূম্ৰপায়ীসকলৰ এক-তৃতীয়াংশই এই ১০ দেশত বসবাস কৰে । ২০১৯ ধূমপান কৰা ১৭ লাখ লােকৰ মৃত্যু হৈছিল হৃদৰােগত। ধূম্ৰপায়ীসকলৰ ১৬ লাখ লােকৰ চিঅ’পিডিত আৰু ১৩ লাখ লােকৰ কৰ্কট ৰােগত মৃত্যু হৈছিল । আনহাতে, ১০ লাখ ধূপায়ীৰ মৃত্যুৰ কাৰণ আছিল ঠুক ।

Exit mobile version