বিবাহ অনুষ্ঠানত ক‌ইনাৰ মৃত্যু, একেখন ৰভাতে দৰাই বিয়া কৰালে ক‌ইনাৰ ভগ্নীক

90b760f4cf99afcc9f5e3fb139f762cd

ক’ভিড পৰিস্থিতিকো আওকাণ কৰি বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে । তেনে এখন বিয়াত এগৰাকী কইনা অসুস্থ হৈ পৰিছিল আৰু তেওঁ বিবাহ অনুষ্ঠানৰ সময়ত ঢলি পৰিছিল । সেয়ে, দুয়োটা পৰিয়ালে দৰা আৰু মৃত কইনাৰ ভগ্নীৰ বিবাহ সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ঘটনাটো দুদিন আগতে ইটাৱা জিলাৰ ভৰথানাৰ সমাসপুৰত সংঘটিত হয় ।

ADVERTISEMENT

দৰা-কইনাই বৰমালা সলনি কৰাৰ পাছত কইনা সুৰভি হঠাৎ দৰা মঞ্জেশ কুমাৰৰ কাষত অচেতন হৈ পৰে । এজন চিকিৎসকক মাতি অনা হয় যদিও, চিকিৎসকে ক‌ইনাক মৃত ঘোষণা কৰি কয় যে তেওঁ এক ডাঙৰ হৃদৰোগত আক্ৰান্ত হৈ আছিল।

সুৰভিৰ ভাতৃ সৌৰভে কয়, “আমি সেই পৰিস্থিতিত কি কৰিম বুজি পোৱা নাছিলো । দুয়োটা পৰিয়ালে একেলগে বহিছিল আৰু কোনোবাই পৰামৰ্শ দিছিল যে, মোৰ সৰু ভগ্নী নিশাক দৰাৰ স’তে বিয়া কৰাব লাগে । পৰিয়ালবৰ্গই বিষয়টো আলোচনা কৰে আৰু দুয়ো সন্মত হয় ।”

তেওঁ লগতে কয়, ”সুৰভিৰ মৃতদেহ আন এটা কোঠাত ৰখা হৈছিল আৰু মঞ্জেশৰ বিয়া নিশাৰ স’তে সম্পন্ন কৰা হয় । বিবাহ সম্পন্ন হোৱাৰ পাছত সুৰভিৰ অন্তিম সংস্কাৰ কৰা হয় ।’

সুৰভিৰ খুৰাক অজব সিঙে কয়, “এইটো আমাৰ পৰিয়ালৰ বাবে এটা কঠিন সময় আছিল। এজনী ছোৱালী এটা কোঠাত মৃত অৱস্থাত পৰি আছিল আৰু আনটো কোঠাত আন এজনী ছোৱালীৰ বিয়া সম্পন্ন হৈ আছিল । আমি কেতিয়াও এনে মিশ্ৰিত আৱেগ অনুভৱ কৰা নাই । তাইৰ মৃত্যুৰ দুখ আৰু বিয়াৰ সুখ এতিয়াও ডুব যোৱা নাই ।”

Exit mobile version