স্বাস্থ্যজনিত শেৱালি ফুলৰ উপকাৰিতা

CuJFjl9UsAAFiFK

★শেৱালি ফুল ভাদ মাহৰ পৰা আঘোণ মাহলৈকে ফুলে । ইয়াৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌজোলৰ লগত সেৱন কৰিলে জ্বৰ-কাহ ভাল হয় ।

★চুলি সৰা,অকালতে চুলি পকা আদি সমস্যাই দেখা দিলে শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায় ।

★ শৰৎ কালত শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয় ।

★ শেৱালি গছৰ ফুল আৰু পাতে বায়ু পৰিষ্কাৰ কৰে । মানুহৰ ঘৰ-বাৰীত শেৱালি ফুল,মহানিমৰ গছ আৰু কলা তুলসীৰ গছ থাকিলে কেতিয়াও বায়ু প্রদূষণ নহয় । লগতে বসন্ত আদি ৰোগ নহয় বুলিও কোৱা হয় ।

★ হাড়ৰ বিষত ভুগিলে শেৱালি ফুলৰ পাতবিলাক অত্যাধিক তাপত তেতিয়ালৈকে গৰম কৰিব লাগে, যেতিয়ালৈকে পানীৰ মাত্ৰা আধা হৈ নাযায় । এতিয়া পাত্রত ৰৈ যোৱা পাতবোৰ উলিয়াই বাকী থকা পানীখিনি ঔষধ হিচাপে প্ৰয়োগ কৰিব পাৰি ।

Exit mobile version