সোমবাৰে কেৰালাত প্ৰৱেশ কৰিব বৰ্ষা, পূৰ্বাভাস বতৰ বিজ্ঞান কেন্দ্ৰৰ

cats 29

নিৰ্দিষ্ট সময়ত ভাৰতত প্ৰৱেশ কৰিছে বৰ্ষা । বতৰ বিজ্ঞান কেন্দ্ৰই জনায়, সোমবাৰে দক্ষিণ ভাৰতৰ উপকূলত মৌচুমী বায়ু অহাৰ সম্ভাৱনা ।

দেওবাৰে ইণ্ডিয়ান মেটেৰিঅ’লজিকেল ডিপাৰ্টমেণ্ট (আইএমডি)এ জনায়, সম্প্ৰতি সকলো পৰিস্থিতি মৌচুমী বায়ুৰ বাবে অনুকূল । সেয়ে, সোমবাৰে কেৰালাৰ উপকূলত বৰ্ষা প্ৰৱেশৰ সম্ভৱনা ।

সাধাৰণতে ভাৰতত এক জুনত বৰ্ষা প্ৰৱেশ কৰে । চলিত বতৰত বৰ্ষাৰ আগমন স্বাভাৱিক সেয়ে বৰ্ষাৰ স্থায়িত্ব‌ও স্বাভাৱিক থকাৰ পূৰ্বাভাস বতৰ বিজ্ঞান কেন্দ্ৰৰ ।

মৌচুমী বায়ুৰ ওপৰতে দেশৰ কৃষিকাৰ্য নিৰ্ভৰশীল । এইবাৰ বৃষ্টিপাতো স্বাভাৱিক হ’ব বুলি পূৰ্বাভাস দিছে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই ।

Exit mobile version