প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো প্ৰস্তুত হোৱা নাই এণ্টিবডী, পুনাৱালাৰ বিৰুদ্ধে থানাত অভিযোগ লক্ষ্ণৌবাসীৰ

Untitled 1 5

ছেৰাম ইনষ্টিটিউটৰ প্ৰধান আদাৰ পুনাৱালাৰ বিৰুদ্ধে বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিলে লক্ষ্ণৌৰ এজন বাসিন্দাই । তেওঁৰ অভিযোগ, ক’ভিশ্বিল্ড প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো এণ্টিবডী প্ৰস্তুত হোৱা নাই ।

লক্ষ্ণৌৰ আছিয়ানা থানাত অভিযোগ দাখিল কৰিছে প্ৰতাপ চন্দ্ৰ নামে এজন লোকে । তেওঁৰ দাবী, যোৱা আঠ এপ্ৰিলত তেওঁ ক’ভিশ্বিল্ডৰ প্ৰথম পালি গ্ৰহণ কৰিছিল । ইয়াৰ ২৮ দিন পাছত দ্বিতীয় পালি গ্ৰহণ কৰাৰ কথা আছিল । এই নিৰ্দিষ্ট দিনত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ যাওঁতে তেওঁক কোৱা হয়, প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ সময় ছয় সপ্তাহলৈ বৃদ্ধি কৰা হৈছে । পৰৱৰ্তী সময়ত পুনৰ এই সময় ১২ সপ্তাহলৈ বৃদ্ধি কৰা হয় ।

তেওঁ লগতে দাবী কৰে যে, প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছৰে পৰা তেওঁ সুস্থ অনুভৱ কৰা নাই । চৰকাৰ অনুমোদিত এটা পৰীক্ষাগাৰত তেওঁ ক’ভিড এণ্টিবডী পৰীক্ষাও কৰিছে । পৰীক্ষণৰ ফলাফলত গ’ম পায় যে, তেওঁৰ ৰক্ত প্লেটলেট কাউণ্ট হ্ৰাস পাইছে ।

পুনাৱালাৰ লগতে, ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া, স্বাস্থ্য মন্ত্ৰণালয়ৰ যুগ্ম সচিব লব আগৰৱালা, আইচিএম‌আৰ-ৰ অধিকৰ্তা বলৰাম ভাৰ্গব আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধিকৰ্তা অপৰ্ণা উপাধ্যায়ৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰিছে প্ৰতাপে । অৱশ্যে এই অভিযোগৰ ভিত্তিত এই পৰ্যন্ত গোচৰ দাখিল হোৱা নাই । গোচৰ দাখিল নকৰিলে ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ দিছে প্ৰতাপে ।

Exit mobile version