বিজ্ঞান প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থীৰ বদান্যতা

e7a6jkvs oxygen concentrator

ক’ভিডৰ ভয়াবহতাৰ বাবে উদ্বেগেৰে ভৰা সাম্প্ৰতিক সময়ত দেশ তথা ৰাজ্যবাসীক সকাহ দিয়াৰ লগতে সহায়ৰ হাত আগবঢ়াবলৈ সমাজৰ বিভিন্ন স্তৰৰ লোকে প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে । ক’ভিডকালীন এই সময়ত যিয়ে যেনেকৈ পাৰে তেনেকৈয়ে চৰকাৰ, প্ৰশাসন আৰু আক্ৰান্তসকলক সহায় কৰাৰ মানসিকতাৰে আগবাঢ়ি অহা দেখা গৈছে ।

এনে এক প্ৰেক্ষাপটত বজালী জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাৰ এক অনুৰোধসূচক আবেদনৰ প্ৰতি সঁহাৰি জনাই ভাৰতৰ প্ৰখ্যাত পিলানিস্থিত বিৰলা বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থীৰ এটা সংগঠনে বজালী জিলালৈ তিনিটা অক্সিজেন কনচেনট্ৰেটৰ আগবঢ়াই সংগঠনটোৱে বদান্যতাৰ পৰিচয় দাঙি ধৰিছে ।

উল্লেখযোগ্য যে এই সংগঠনটোৰ প্ৰায়বোৰ শিক্ষাৰ্থী সাম্প্ৰতিকে বিদেশত ভিন্ন প্ৰান্তত কৰ্মৰত আৰু সংগঠনটোৱে মানৱিক দৃষ্টিভংগী তুলি ধৰি ভাৰতৰ ভিন্ন জিলাৰ পদাধিকাৰীৰ অনুৰোধমৰ্মে এই অক্সিজেন কনচেনট্ৰেটৰ সংশ্লিষ্ট জিলালৈ প্ৰেৰণ কৰিছে ।

বজালী জিলাৰ সহকাৰী আয়ুক্ত আয়াজ টনবীৰ আলমে কালি গুৱাহাটীত জিলা প্ৰশাসনৰ হৈ সংগঠনটোৰ পৰা কনচেনট্ৰেটৰ তিনিটা গ্ৰহণ কৰে । ম’ফা নামৰ প্ৰকল্পৰ আধাৰত সংগঠনটোৱে ভাৰতৰ বিভিন্ন জিলালৈ এই কনচেনট্ৰেটৰ যোগান ধৰিছে ।

উল্লেখ্য যে এই কনচেনট্ৰেটৰ এটাৰ জৰিয়তে দুজন ৰোগীক অক্সিজেন দিব পৰা যাব । ক’ভিডকালীন সময়ত সংগঠনটোৰ মহানতাৰ শলাগ লৈছে বজালী জিলা প্ৰশাসনে ।

Exit mobile version