‘আই এছ বি’ত নাম ভৰ্তিৰ বাবে যোগ্যতা অৰ্জন

হাউলীৰ মানস প্ৰতীম পাঠকৰ সাফল্য

WhatsApp Image 2021 06 01 at 6.30.28 PM

হাউলীৰ সন্তান মানস প্ৰতীম পাঠকে এবছৰীয়া এমবিএ পাঠ্যক্ৰমৰ বাবে ভাৰতৰ প্ৰথম স্থান তথা এছিয়া মহাদেশৰ অন্যতম হায়দৰাবাদৰ ইণ্ডিয়ান স্কুল অফ বিজনেছ চমুকৈ ‘আই এছ বি’ত নাম ভৰ্তি কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে । যোৱা আগষ্টত এম বি এৰ বাবে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ‘জিমেট’ পৰীক্ষাত তেওঁ ৮০০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰ অৰ্জন কৰিছিল ।

পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ দুখনকৈ আই আই এমত নামভৰ্ত্তিৰ যোগ্যতা অৰ্জন কৰিছিল । কিন্তু শেহতীয়াকৈ তেওঁ ‘আই এচ বি’ত নাম ভৰ্তি কৰাৰ সুযোগ লাভ কৰাত আই এচ বি’তে ভৰ্তি হোৱাৰ সিদ্ধান্ত লৈছে ।

উল্লেখ্য যে, মানসে ২০০৭ত হাউলীৰ আগশাৰীৰ অসমীয়া মাধ্যমৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় “আদৰ্শ বিদ্যাপীঠ হাইস্কুল”ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহকৰে উৰ্ত্তীণ হোৱাৰ পাছত কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক সমাপ্ত কৰে ।

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ভূৱনেশ্বৰস্থিত আই আই টি পৰা ২০১৩ত মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ত বি-টেক সমাপ্ত কৰি “ভাৰত পেট্ৰোলিয়াম”ৰ নৱৰত্ন তেল কোম্পানীত তিনি বছৰ বিষয়া হিচাপে কৰ্মৰত থাকি চাকৰি এৰি ২০১৬ত নিজাকৈ “নিয়’ৰিক প্ৰদাকচনছ” নামৰ ব্যৱসায় কৰিছিল ।

মেধাৱী ছাত্ৰ মানস প্ৰতীম পাঠক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বিনয় গোপাল পাঠক তথা শিক্ষয়িত্ৰী বিজুলী প্ৰভা বৈশ্যৰ জ্যেষ্ঠ সন্তান ।

Exit mobile version