চীনত কাৰ্যকৰী কৰা হৈছে তিনি সন্তান নীতি

27df8380 c1f5 11eb bfff 550c410bf638

চীনত জনসংখ্যা নিয়ন্ত্ৰণত দীৰ্ঘদিনৰ পৰা কঠোৰ নিয়ম অব্যাহত আছিল । বিশ্বৰ আটাইতকৈ জনবহুল দেশখন অৱশেষত এই নিয়ম শিথিল কৰাৰ পথত । আজি চীনৰ চৰকাৰী সংবাদ সংস্থাই জনায়, এইবাৰৰ পৰা দেশৰ বিবাহিত দম্পতীসকলে তিনিটাকৈ সন্তান জন্ম দিব পাৰিব ।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে শেহতীয়া এক পলিটব্যুৰ’ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে । চলিত মাহৰ আৰম্ভণিত প্ৰকাশিত এই পৰিসংখ্যাত দেখা গৈছে, সম্প্ৰতি চীনত সন্তান জন্ম দিয়াৰ হাৰ নিম্নগামী হৈছে । বিগত বৰ্ষত এক কোটি ২০ লাখ শিশু জন্ম হৈছিল চীনত, যি ১৯৫০ৰ দশকৰ পাছত আটাইতকৈ কম ।

চৰকাৰী হিচাপ অনুযায়ী, চীনত প্ৰতিগৰাকী বিবাহিতা মহিলাই বৰ্তমান গড়ে ১.৩ জন সন্তান জন্ম দিয়ে । দীৰ্ঘ কিছু দশক ধৰি কঠোৰ জন্ম নিয়ন্ত্ৰণ নীতিৰ বাবে জনসংখ্যাৰ এটা বৃহৎ অংশ বাৰ্ধক্যৰ দিশত আগবাঢ়িছে । প্ৰায় জাপান বা ইটালীৰ দৰে । সেয়ে নতুন প্ৰজন্মৰ বাবে নীতি পৰিৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছি জিনপিং চৰকাৰে ।

চৰকাৰৰ এক বিবৃতিত কোৱা হয়, ‘এই নীতি পৰিৱৰ্তনৰ লগতে চৰকাৰে এনে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব, যি দেশৰ জনসংখ্যাৰ পৰিকাঠামো উন্নয়নত সহায় কৰিব ।’ অৱশ্যে এই ব্যৱস্থাপনাসমূৰ বিষয়ে সবিশেষ জনোৱা নাই ।

১৯৬০ৰ দশকৰ পৰা জন্ম হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাত চীনে অত্যন্ত কঠোৰভাৱে ‘পৰিয়ালে প্ৰতি এটা সন্তান’ নীতি মানি চলিবলৈ লয় । এটাতকৈ বেছি সন্তান হ’লেই কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হয় চীনৰ নাগৰিকসকল ।

২০১৬ত অতি কঠোৰ জন্ম নিয়ন্ত্ৰণ নীতি সামান্য হ’লেও শিথিল কৰিছিল চৰকাৰে । তেতিয়া এটাৰ পৰা দুটা সন্তানৰ বাবে অনুমতি দিয়া হয় । কিন্তু দেশখনৰ অধিকাংশ চহৰৰ থকা-খোৱাৰ খৰচ ইমানেই বেছি যে এটাতকৈ বেছি সন্তান জন্ম দিয়াৰ কথা নাগৰিকসকলে পৰিকল্পনাই কৰিব নোৱাৰে ।

ইতিমধ্যে বিষয়টোক লৈ সামাজিক মাধ্যমত সমালোচনাৰ সৃষ্টি হৈছে । অধিক সংখ্যক দম্পতীৰ মন্তব্য তেওঁলোকে বিচাৰিলেও এটাতকৈ বেছি সন্তান ডাঙৰ কৰাৰ সামৰ্থ্য তেওঁলোকৰ নাই । চীনৰ সামাজিক মাধ্যম উইবোত এজনে লিখিছে, ‘ম‌ইয়ো তিনিটা সন্তান বিচাৰো । কিন্তু তাৰ বাবে বছৰত অন্ততঃ ৫০ লাখ ইউনিয়ন লাগিব ।’

Exit mobile version