হোজাইৰ চিকিৎসকক আক্ৰমণকাৰীক ৰেহাই নিদিয়ে ৰাজ্য চৰকাৰে

নিশাৰ ভিতৰতে কেউজন অপৰাধীক গ্ৰেপ্তাৰ কৰা হয়

হোজাইৰ ওদালি আদৰ্শ চিকিৎসালয়ত মংগলবাৰে এজন চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত আটাইকেইজন অপৰাধীকে ৰাজ্য চৰকাৰৰ নিৰ্দেশত নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হয় । নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আক্ৰমণৰ বলি ডাঃ সেউজ সেনাপতিক দেখা কৰাৰ পাছতে স্বাস্থ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে ।

কালি সন্ধিয়া নগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ আহত চিকিৎসকগৰাকীক নিজে সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লয় স্বাস্থ্যমন্ত্ৰীয়ে । ইয়াৰ পাছতে নিশা নগাঁও অসামৰিক চিকিৎসালয়ত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী কেশৱ মহন্তই কয়, ‘এয়া অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা, আমি মৰ্মাহত হৈছো । এই ঘটনাক ৰাজ্য চৰকাৰৰ ফালৰ পৰা গৰিহণা দি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে এই ধৰণৰ ঘটনাক আমি কোনো কাৰণতে সহ্য নকৰো । ঘটনাত জড়িত কাকো ৰেহাই দিয়া নহ’ব । ক’ভিডৰ এই জটিল সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ কৰি দিনে নিশাই চিকিৎসা সেৱা আগবঢ়াই থকা আমাৰ প্ৰতিগৰাকী চিকিৎসক, স্বাস্থ্যকৰ্মীসকলৰ গাত হাত দিয়া কাৰ্যৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱা হ’ব। নিশাৰ ভিতৰতে আক্ৰমণকাৰী আটাইকেইজনকে গ্ৰেপ্তাৰৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।’

ৰাজ্যৰ প্ৰতিগৰাকী চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক চৰকাৰে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব বুলি ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াৰে পৰা ৰাজ্যৰ কোনো চিকিৎসক-চিকিৎসাকৰ্মীৰ গাত হাত দি কোনোৱেই সাৰি যাব নোৱাৰিব । ক’ভিড পৰিস্থিতিৰ এই জটিল সময়ৰ মাজতে চিকিৎসকৰ ওপৰত সংঘটিত এই আক্ৰমণক ৰাজ্য চৰকাৰে অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘হোজাইৰ ওদালিত সংঘটিত এই ঘটনাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ প্ৰত্যোত্তৰ দিব লাগে, সেই প্ৰত্যোত্তৰ আজি নিশাৰ ভিতৰতে দিয়া হ’ব। কোনেও ৰেহাই নাপাব।’

Exit mobile version