৭৫০ বৰ্গকিলোমিটাৰ বৰফ ক্ষয় ! বিশ্বজুৰি বৃদ্ধি পাইছে সমুদ্ৰপৃষ্ঠ

8A0A57E0 4FA4 42DC A44267E8D5D8C94C source

বিপুল পৰিমাণে বৰফ গলিছে ‘বৰফভূমি’ত । শেহতীয়া এক প্ৰতিবেদন অনুসৰি, নতুনকৈ হিমবাহৰ মুঠ ক্ষেত্ৰৰ প্ৰায় ৭,৫০ বৰ্গকিলোমিটাৰ খনন হৈছে আইলেণ্ডৰ । শতাংশৰ নিৰিখত যি স্থলভাগৰ সাত শতাংশ । গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ২০ বছৰত হিমবাহৰ দেশ আইলেণ্ডৰ এই পৰিণতি বুলি দাবী কৰিছে বিশেষজ্ঞসকলে ।

আইলেণ্ডৰ সমগ্ৰ স্থলভাগৰ ১০ শতাংশৰো অধিক হিমবাহ আছে । ফলত হিমবাহ ক্ষয়ৰ বাবে ২০১৯ত দেশৰ আয়তন কমি ১০,৪০০ বৰ্গকিলোমিটাৰ হৈছে । এই দাবী কৰা হৈছে আইলেণ্ডিক ছাইণ্টেফিক জাৰ্নেল ‘জোকাল’ত ।

বিশেষজ্ঞসকলে জনায়, ১৮৯০ৰ পৰাই উল্লেখযোগ্য হাৰত হিমবাহ অঞ্চলৰ হ্ৰাস পৰিলক্ষিত হয় । ২০০০ৰ পৰা এই হাৰ অধিক বৃদ্ধি পাইছে । একাংশ হিমবাহ বিজ্ঞানীৰ মতে, ২২০০ৰ ভিতৰত আইলেণ্ডৰ বৰফৰ স্তৰ সম্পূৰ্ণ নিশ্চিহ্ন হোৱাৰ শংকা দিনক দিনে বৃদ্ধি পাইছে ।

বিগত এপ্ৰিলত ‘নেছাৰ’ পত্ৰিকাত প্ৰকাশিত এক ৰিপ’ৰ্টত দাবী কৰা হয়, বিশ্বৰ কমেও ২,২০,০০০ টা হিমবাহৰ প্ৰায় সকলো খিনিয়ে দ্ৰুত হাৰত গলিছে । ফলত বিশ্বজুৰি সমুদ্ৰপৃষ্ঠ বৃদ্ধি পাইছে ।

২০০০ৰ পৰা ২০১৯ৰ ভিতৰত কৰা পৰ্যৱেক্ষণত পোৱা গৈছে, সম্প্ৰতি হিমবাহ ক্ষয়ৰ মাত্ৰা দ্ৰুত হাৰত বৃদ্ধি পাইছে ।

Exit mobile version