অসমৰ খিলঞ্জীয়া সংখ্যালঘু লোকৰ সুৰক্ষাৰ দাবীত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান জনগোষ্ঠীয় সমন্বয় পৰিষদৰ

WhatsApp Image 2021 06 03 at 5.48.35 PM

অসমত বসবাস কৰি থকা ইছলাম¸ খ্ৰীষ্টান¸ বৌদ্ধ¸ জৈন আৰু শিখ সম্প্ৰদায়ৰ স্থানীয় জনগোষ্ঠীসমূহৰ লোকসকলৰ সমস্যা সমাধান কৰি তেওঁলোকক সুৰক্ষা প্ৰদানৰ দাবীৰে ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে জনগোষ্ঠীয় সমন্বয় পৰিষদ¸ অসমে।

পৰিষদৰ মুখ্য আহ্বায়ক চৈয়দ মুমিনুল আৱালে কয় যে অবৈধ প্ৰব্ৰজনৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে।এই প্ৰব্ৰজনকাৰীসকলক বিতাড়ণৰ দাবীতেই ঐতিহাসিক অসম আন্দোলনৰ সূচনা হৈছিল।

আন্দোলনৰ পৰিণতিত স্বাক্ষৰিত হোৱা অসম চুক্তিত প্ৰব্ৰজনৰদ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ জনগোষ্ঠীসমূহক সাংবিধানিক¸ ৰাজনৈতিক¸ সামাজিক¸ সাংস্কৃতিক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে ছয় নং দফা সন্নিবিষ্ট কৰা হৈছিল।

কিন্তু এই দফা অদ্যপি কাৰ্যকৰী নোহোৱাত উদ্বেগ প্ৰকাশ কৰি আৱালে কয় যে অসম চুক্তিৰ ছয় নং দফাৰ সফল ৰূপায়ণে চুক্তিৰ মূল লক্ষ্যত উপনীত হোৱাত সহায়ক হ’ব।স্মাৰকপত্ৰখনৰ জৰিয়তে সমন্বয় পৰিষদে দুটা দাবী উত্থাপন কৰে।

পৰিষদে অসমত উচ্চ সদন গঠনৰ দাবী উত্থাপন কৰি কয় যে ৰাজ্যখনত এশৰো অধিক সৰু বৰ জনগোষ্ঠী আছে। এই সকলো জনগোষ্ঠীৰে অসম বিধানসভাত প্ৰতিনিধিত্বৰ পথ মুকলি কৰাৰ বাবে ৰাজ্যখনত উচ্চ সদন ব্যৱস্থাৰ প্ৰৱৰ্তন হ’ব লাগে। অসম চুক্তিৰ ছয় নং দফাৰ অধীনত এই ব্যৱস্থা ৰূপায়িত হ’লে অসম চুক্তিৰ উদ্দেশ্য সাধনত এক ফলপ্ৰসূ পদক্ষেপ হিচাপে চিহ্নিত হ’ব।

আনহাতে অসম বিধানসভাৰ ১২৬ খন আসনেই ৰাজ্যখনৰ তালিকাভুক্ত জনগোষ্ঠীসমূহৰ বাবে সংৰক্ষণৰ দাবী জনাই পৰিষদে স্মাৰকপত্ৰখনৰ জৰিয়তে কয় যে অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে ‘অসমীয়া’ৰ সংজ্ঞা আৰু ভিত্তিবৰ্ষক লৈ সৃষ্টি হোৱা বিতৰ্ক এৰাই চলিবৰ বাবে এয়া এক ফলপ্ৰসূ পদক্ষেপ হ’ব।

Exit mobile version