অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰা আৰু নাই

Dr Lakshmi Nandan Bora with President Of India

বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যু।

বৃহস্পতিবাৰে দুপৰীয়াৰ শেষ নিশ্বাস ত্যাগ কৰিছে বিশিষ্ট কথাশিল্পীগৰাকীয়ে।

ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ডঃ বৰা।

মহানগৰীৰ এক্সেল কেয়াৰ হস্পাতালতৰ আই চি ইউ চিকিৎসাধীন হৈ আছিল সাহিত্যিকগৰাকী।

নগাওঁ জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত ১৯৩১ত বৰাৰ জন্ম ।

‘ৰামধেনু’ যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ডঃ বৰাই ১৯৮৮ চনত ‘পাতাল ভৈৰৱী‘ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

১৯৯৬ত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল তেওঁ ।

২০১৫ ৰ ২৬ জানুৱাৰীত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকজনক ।

Exit mobile version