গাঁওখনক কৰ’নামুক্ত কৰিব পাৰিলেই লাভ কৰিব ৫০ লাখ টকা !

অভিনৱ পদক্ষেপ মহাৰাষ্ট্ৰৰ

villages 1622638158

উদ্দেশ্য ক’ভিড সংক্ৰমণ ৰোধ কৰা । এই কাৰ্যত স্থানীয় প্ৰশাসনক অধিক সক্ৰিয় কৰিবৰ বাবে এক অভিনৱ প্ৰতিযোগিতাৰ আয়োজন কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে । বুধবাৰে ঘোষণা কৰা এই প্ৰতিযোগিতাৰ নাম ‘কৰ’নামুক্ত গাঁও’ । ৰাজ্যখনৰ প্ৰতিটো ৰাজহ অঞ্চলৰ বিজয়ী গাঁওখনক ৫০ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব ।

সম্প্ৰতি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ‘আমাৰ গাঁও কৰ’নামুক্ত’ পদক্ষেপৰ সূচনা কৰে । এই পদক্ষেপৰ অংশ হৈছে এই প্ৰতিযোগিতা বুলি জনাইছে ৰাজ্যৰ গ্ৰামোন্নয়ন মন্ত্ৰী হাছান মুছৰিফে । তেওঁ কয়, ‘যথা সম্ভৱ শীঘ্ৰে বিভিন্ন তালুক, জিলা আৰু সমগ্ৰ ৰাজ্যকে কৰ’মুক্ত কৰিব লাগিব ।’ এই বিষয়ত এটা কমিটি গঠন কৰা হৈছে বুলিও জনায় । সেই কমিটিয়ে ২২টা চৰ্তৰ ভিত্তিত বাছনি কৰিব বিভিন্ন অঞ্চলৰ বিজয়ী গাঁওসমূহক ।

ৰাজ্যখনৰ ছটা ৰাজহ অঞ্চলৰ মাজত এই প্ৰতিযোগিতা হ’ব । প্ৰত্যেক অঞ্চলৰ পৰা বাচি লোৱা হ’ব প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানাধিকাৰীক । এইসমূহক যথাক্ৰমে ৫০ লাখ, ২৫ লাখ আৰু ১৫ লাখ টকা পুৰস্কাৰ হিচাপে দিয়া হ’ব । দেওবাৰে এক ভাৰ্চুৱেল সভাত ঠাকুৰেই ২১ বছৰীয়া ঋতুৰাজ দেশমুখৰ কথা উল্লেখ কৰিছিল । ঋতুৰাজ ছ’লাপুৰ জিলাৰ ঘাটনে গাঁৱৰ পঞ্চায়তৰ মুৰব্বী । নিজৰ দল লৈ ক’ভিড যুদ্ধত নমা ঋতুৰাজৰ প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Exit mobile version