গোসাইগাৱঁত টিচিএলচি-ভিচিডিচিৰ সভাপতিৰ স’তে কাৰ্যবাহী সদস্য উকিল মুছাহাৰীৰ বৈঠক

WhatsApp Image 2021 06 03 at 3.44.07 PM

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও খণ্ডৰ উন্নয়নৰ অন্তৰ্গত সকলো টিচিএলচি-ভিচিডিচিৰ সভাপতিৰ স’তে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিটিচিৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰীয়ে ৷ গোসাইগাঁও খণ্ড উন্নয়নৰ কাৰ্যালায়ত আয়োজিত বৈঠকৰ আত ধৰে কাৰ্যালয়টোৰ গাননিক ৰঞ্জিত বসুমতাৰীয়ে ৷

বৈঠকত সাম্প্ৰতিক সময়ত চলি থকা ক’ভিড পৰিস্থিতিৰ পৰা পৰিত্ৰান পাবলৈ ৰাইজৰ মাজত কিদৰে সজাগতা গঢ়ি তোলা হ’ব সেই সন্দৰ্ভত আলোচনা কৰাৰ লগতে ক’ভিড প্ৰ’ট’কল মানি এমজিএনৰেগা-মনৰেগা আঁচনি ৰূপায়ন কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয় ৷

বৈঠকৰ শেষত কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে বিটিচিত অৰুনোদয় আঁচনি ৰূপায়ৰ পূৰ্ণ প্ৰস্তুতি চলিছে ৷

Exit mobile version