তৃতীয় সন্তানৰ কথা ওলালেই ক্ষুব্ধ হয় চীনা মহিলা

আইনৰ ভয় নাথাকিলেও পৰিয়াল বৃদ্ধিৰ ইচ্ছা নাই

118760321 tv067742406

দেশৰ বয়স বঢ়াৰ বাবেই তিনি সন্তানৰ নীতিক অনুমােদন দিছে চীন চৰকাৰে। এতিয়াৰ পৰা আৰু চীনৰ কঠোৰ আইনৰ কবলত পৰাৰ আশংকা নাই। কোনাে দম্পতীয়ে ইচ্ছা কৰিলে তৃতীয় সন্তান জন্ম দিব পাৰে।

অথচ চৰকাৰৰ এই আহ্বানক লৈ একেবাৰে আগ্রহ নাই চীনা মহিলাৰ।অধিকাংশ মহিলাই এতিয়া তৃতীয় সন্তানৰ কথা ওলালেই জাঁপ মাৰি উঠে।বেইজিঙৰ ২২ বছৰীয়া স্নাতকোত্তৰৰ ছাত্রী ইয়ান জিয়াকিয়েই এই প্রসংগত কয়,’মােৰ পৰিচিত অনেক মহিলাই তৃতীয় সন্তান জন্ম দিয়াৰ কথা শুনিলেই ক্ষুব্ধ হৈ পৰে।

তেওঁলােকৰ সন্মুখত ভুলতাে এই কথা উলিয়াব নােৱাৰি। চীনৰ অধিকাংশ মহিলাই সম্প্রতি চৰকাৰৰ নতুন নীতিৰ প্রতি কোনাে ধৰণৰ আগ্রহ প্রকাশ কৰা নাই। বিভিন্ন কাৰণতে তেওঁলােকে তৃতীয় সন্তান জন্ম দিবলৈ আগ্রহী নহয়।

অৱশ্যে কেৱল মহিলাই নহয়, অনেক পুৰুষেও চৰকাৰৰ এই নতুন নীতিৰ প্রতি আগ্রহ প্রকাশ কৰা নাই। বেইজিঙৰ বাসিন্দা তথা দুই সন্তানৰ পিতৃ ২৯ বছৰীয়া ইয়াং নেগাইয়ে কয়, ‘চাওক, আমাৰ ইমান টকা নাই। ঘৰতাে আৰু এজনৰ বাবে অতিৰিক্ত স্থান নাই।

সেয়ে আমি তৃতীয় সন্তান নিবিচাৰাে। যেতিয়া আমাৰ দ্বিতীয় সন্তানৰ জন্ম হয়, তেতিয়াই স্বাভাৱিকভাৱে সকলােবােৰ প্রায় অর্ধেক হৈ পৰে। এশ শতাংশৰ পৰিৱর্তে এতিয়া দুজনৰ ভিতৰত সকলােবােৰ ৫০ শতাংশ কৰি ভাগ কৰা হৈছে।

সেয়ে তৃতীয় সন্তান জন্ম দিয়াৰ কোনাে যুক্তি আমি দেখা নাই। ঝি জিনপিং চৰকাৰৰ তিনি সন্তান নীতিক কেন্দ্ৰ কৰি ইউনিভাৰছিটি অৱ উইস্কনছিন-মেডিছন’ৰ গৱেষক ৱাই ফুকছিয়ানে কয়, দীর্ঘদিনৰ চৰকাৰী নীতিৰ ফলত মাত্র এটি সন্তান জন্ম দিয়া বা নিঃসন্তান থকাটো চীনৰ সামাজিক প্রথাত পৰিণত হৈছে।

আনহাতে, ‘নেচনেল ব্যুৰ’ অৱ ষ্টেটিষ্টিক্স’ৰ মতে চীনা জনগণৰ মাজত প্রজনন হাৰ প্রয়ােজনৰ তুলনাত কম। উল্লেখ্য যে বিগত কিছু বছৰ ধৰিয়ে ‘সন্তান নীতি’ পৰিৱৰ্তনৰ চিন্তা-চর্চা অব্যাহত ৰাখিছিল চীনৰ কমিউনিষ্ট পার্টিয়ে।

ইয়াৰ প্ৰধান কাৰণ হৈছে, চীনৰ জনসংখ্যা হ্রাস নাপালেও জন্মৰ হাৰ কম হােৱাৰ বাবে দেশখনত বয়স্ক লােকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধি নাপালে পৰৱর্তী ২০-২৫ বছৰৰ ভিতৰত দেশখনত উদ্যমী লােকৰ সংখ্যা ব্যাপক হাৰত হ্রাস পােৱাৰ আশংকাই দেখা দিছে।

ইয়াৰ ফলতে ‘সন্তান নীতি’ পৰিৱর্তনৰ কথা ভবা হৈছিল। অৱশেষত যােৱা সােমবাৰে চীনা কমিউনিষ্ট পার্টি পলিটব্যুৰ বৈঠকৰ পাছত পূর্বৰ নীতি সলনি কৰাৰ সিদ্ধান্তত ছীল-মােহৰ মৰা হয়। ৰাষ্ট্রপতি জিনপিঙো বৈঠকত উপস্থিত আছিল।

উক্ত বৈঠকতে দেশখনত বৃদ্ধি পােৱা বার্ধক্যক কেন্দ্র কৰিও উদ্বেগ প্রকাশ কৰা হয়। লগতে এই সমস্যা মােকাবিলাৰ বাবে আৰু একাধিক নীতি পৰিৱৰ্তনৰ সন্দৰ্ভতাে আলােচনা কৰা হয়। প্রৱল জনবিস্ফোৰণ ৰােধ কৰিবলৈ ১৯৭৯ত চীনত বিতর্কিত এটা সন্তানৰ আইন প্রয়ােগ কৰা হৈছিল।

ইয়াৰ লক্ষ্য আছিল জন্মৰ হাৰ কমােৱা আৰু জনসংখ্যা বৃদ্ধি ৰােধ কৰা। দীর্ঘদিন ধৰি একপ্রকাৰ জোৰ কৰিয়ে চীনা নাগৰিকসকলক এই নীতি মানিবলৈ বাধ্য কৰােৱা হৈছিল। বলপূর্বক গর্ভপাত-সহ একাধিক শাস্তিমূলক ব্যৱস্থা লােৱা হৈছিল দুটা সন্তান বিচৰাসকলৰ বিৰুদ্ধে।

ইয়াৰ ফলত দেশখনত জনসংখ্যা বৃদ্ধি বৃহৎ পৰিসৰত ৰােধ হয়। যাৰ বাবে বয়স্ক লােকৰ সংখ্যা দেশখনত বাঢ়িবলৈ ধৰিছিল। সেই কথাৰ প্রতি লক্ষ্য ৰাখিয়ে চীন চৰকাৰে ২০১৬ত এক সন্তানৰ আইন বাতিল কৰা হয়। ইয়াৰ পৰিৱর্তে দুটা সন্তান জন্ম দিয়াত অনুমতি দিয়ে চীন চৰকাৰে।

তৎসত্ত্বেও যুৱ চামৰ সংখ্যা বৃদ্ধি নােপােৱাত বিগত কিছু বছৰ ধৰি সেই আইন পৰিৱৰ্তনৰ বাবেও চৰকাৰৰ ওপৰত চাপ সৃষ্টি হৈছিল। বিশেষকৈ চীনৰ জনসংখ্যাত তৰুণৰ তুলনাত প্রবীণ লােকৰ সংখ্যা বৃহৎ পৰিসৰত বৃদ্ধি হােৱাৰ বাবেই চিন্তাত পৰিছিল জিনপিং চৰকাৰ।

Exit mobile version