স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে

1600x960 226654 keshab mahanta

বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই ।

এক শোক বাৰ্তাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, “বৰেণ্য সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, শিক্ষাবিদ, শ্ৰদ্ধেয় ড০ লক্ষ্মীনন্দন বৰাদেৱৰ মৃত্যুৰ বতৰাই অতিশয় মৰ্মাহত কৰি তুলিছে । বিশিষ্ট কথা
শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছো আৰু তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু তেখেতৰ গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।

বহুকেইখন কালজয়ী গ্ৰন্থৰ স্ৰষ্টা, পদ্মশ্ৰী সন্মানেৰে বিভূষিত, সাহিত্য অকাডেমি বটা প্ৰাপক, সৰস্বতী সন্মানেৰে সন্মানিত, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট বিজ্ঞানী এইগৰাকী প্ৰাজ্ঞ পুৰুষৰ বিয়োগ তেখেতৰ জন্মস্থান নগাঁও জিলাৰ লগতে সমগ্ৰ অসমৰ সমাজ জীৱন আৰু অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে এক অপুৰণীয় ক্ষতি।”

https://twitter.com/keshab_mahanta/status/1400348222481076233?s=20

Exit mobile version