এইবাৰ প্ৰাক্তন ৰাষ্ট্রপতি ডানাল্ড ট্রাম্পৰ ব্লগ বন্ধ

Donald Trump

আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পৰ ব্লগ পেইজ স্থায়ীভাৱে বন্ধ হ’ল। ট্রাম্পৰ ঘনিষ্ঠৰ পৰা লাভ কৰা তথ্যৰ উদ্ধৃতিৰে চি এন বি চিয়ে এই বাতৰি প্রথমে প্রচাৰ কৰিলে।

উল্লেখ্য যে ফেচবুক, টুইটাৰ, ইউটিউবসহ বিভিন্ন সামাজিক মাধ্যমৰ মঞ্চত নিষিদ্ধ ঘােষিত হােৱাৰ পাছত আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতিজনে নিজৰ মতামত ব্লগৰ জৰিয়তে প্ৰকাশ কৰি আহিছিল।

ট্রাম্প এই ব্লগ পেজৰ নাম আছিল ফ্রম দ্য ডেক্স অৱ ডনাল্ড জে ট্রাম্প। মাত্র এমাহ পূর্বে এই ব্ল’গটো ট্রাম্পে মুকলি কৰিছিল। ব্ল’গৰ জৰিয়তে ট্রাম্পে তেওঁৰ অনুৰাগীৰ স’তে যােগাযােগ আৰু মত বিনিময় অব্যাহত ৰাখিছিল।

কিন্তু অৱশেষত ইণ্টাৰনেট বিশ্বত আপত্তিক মন্তব্য প্রকাশৰ অভিযােগত নিষিদ্ধ হ’ল ট্রাম্প এই ব্লক।

Exit mobile version