ক’ভিড আক্রান্ত অসুস্থ শহুৰেকক বােকোচাত লৈ ১০৮ত উঠালে বােৱাৰীয়ে

clipboard0sdfah2 202106629332 202106203213

ক’ভিড আক্রান্ত শহুৰেকক এগৰাকী বােৱাৰীয়ে নিজে বােকোচাত তুলি নি ১০৮ বাহনত উঠাই ক’ভিড হাস্পতাললৈ নিয়াৰ এক দৃশ্য দেখা গ’ল ৰহাৰ পৰিপূৰক স্বাস্থ্য কেন্দ্রত।

ৰহাৰ ভাটিগাঁও নিবাসী তিলেশ্বৰ দাস নামৰ এজন ৭৫ বছৰীয়া লােক শাৰীৰিকভাৱে অসুস্থ হােৱাত বােৱাৰী নিহাৰিকা দাসে তেওঁক এখন ই-ৰিক্সাত তুলি ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আনে।

কিন্তু দাসে ক’ভিড পজিটিভ বুলি চিনাক্ত হােৱাৰ লগতে লগত অহা বােৱাৰী নিহাৰিকাও ক’ভিড পজিটিভ হয়। দাসক ক’ভিড হাস্পতাললৈ পঠাই বােৱাৰী নিহাৰিকা ঘৰতে গৃহ নিলগীকৰণ হােৱাৰ সুবিধা আছিল যদিও বােৱাৰীগৰাকীয়ে শহুৰেকক অকলে পঠাবলৈ নিবিচাৰিলে।

সেয়ে তেওঁলােকক সেই সময়ত চিকিৎসালয়খনত দায়িত্বত থকা ডাঃ সংগীতা ধৰ আৰু বহুমুখী স্বাস্থ্যকর্মী পিন্টু হীৰাই যাৱতীয় চিকিৎসা সেৱা প্ৰদান কৰি দুয়ােকে নগাঁও ভােগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতাললৈ ১০৮ বাহনেৰে প্রেৰণৰ ব্যৱস্থা কৰে।

সময়ত ১০৮ বাহন আহি উপস্থিত হােৱাৰ লগে লগে আনলৈ বাট নাচায়। নিহাৰিকাই শহুৰেকক বােকোচাত উঠাই ১০৮ বহুৱাই একেলগে চিকিৎসালয়লৈ গমন কৰে।

নিহাৰিকাৰ স্বামী কর্মসূত্রে ৰাজ্যৰ বাহিৰত থকা বাবেই বােৱাৰীয়েকে শহুৰেকৰ সমস্ত দায়িত্ব ল’ব লগা হৈছে। কৰ’না মহামাৰীৰ এই বিভীষিকাৰ সময়ত ৰহা নিহাৰিকাৰ এই কর্তব্যনিষ্ঠাই সকলােকে মােহিত কৰিছে।

Exit mobile version