মাদক কাণ্ডৰ গােচৰত সুশান্তৰ দেহৰক্ষীক মাৰাথন জেৰা এন চি বিৰ

WhatsApp Image 2021 06 04 at 11.14.13 AM

সিদ্ধার্থ পিথানিৰ গ্ৰেপ্তাৰীৰ পাছত নতুন মােৰ লৈছে প্রয়াত অভিনেতাৰ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ স’তে জড়িত মাদক দ্রব্যৰ গােচৰৰ তদন্তই।

বৃহস্পতিবাৰে এই গােচৰত একেৰাহে দ্বিতীয় দিনৰ বাবে নার্ক’টিকছ কন্ট্রল ব্যুৰ’ (এন চি বি)ই প্রয়াত অভিনেতাজনৰ দেহৰক্ষীক মাৰাথন জেৰা কৰে।

বুধবাৰেও কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে সুশান্তৰ প্ৰাক্তন দেহৰক্ষীজনক জেৰা কৰিছিল। ইয়াৰ পূর্বে যােৱা দেওবাৰে এন চি বিয়ে ১৬ ঘণ্টা ধৰি সুশান্তৰ প্ৰাক্তন পৰিচাৰক নীৰজ আৰু ৰান্ধনি কেশৱক জেৰা কৰিছিল।

যােৱা ২৬ মে’ত এন চি বিয়ে সুশান্তৰ স’তে এসময়ত একেটা ফ্লেটত বসবাস কৰা ঘনিষ্ঠ বন্ধু সিদ্ধার্থ পিথানিক হায়দৰাবাদৰ পৰা গ্রেপ্তাৰ কৰিছিল।

Exit mobile version