মালয়েছিয়াৰ আকাশত ১৬ খন চীনা যুঁজাৰু বিমানৰ প্ৰৱেশক লৈ ব্যাপক প্রতিক্রিয়া

196947 malaysia11

দক্ষিণ চীন সাগৰত পুনৰ আগ্রাসী ৰূপ ধাৰণ কৰিলে চীনে। এইবাৰ মালয়েছিয়াৰ আকাশ সীমাত অনুপ্রৱেশ কৰিলে চীনৰ ১৬খন যুঁজাৰু বিমানে।

ADVERTISEMENT

এই ঘটনাৰ বিৰুদ্ধে তীব্র প্রতিবাদ জনাই কোৱালা লামপুৰে চীনৰ ৰাষ্ট্রদূতলৈ চমন জাৰি কৰিছে। বি বি চিৰ বাতৰি অনুসৰি, যােৱা সােমবাৰে মালয়েছিয়াৰ চাৰাউৱাক প্ৰদেশৰ উপকূলত ১৬ খন চীনা যুঁজাৰু বিমানে অনুপ্রৱেশ কৰিছিল।

এই ঘটনাত উদ্বেগ প্রকাশ কৰি মালয়েছিয়াৰ বৈদেশিক মন্ত্রী হিচামমুদ্দিন হুছেইনে কয়, ‘আমাৰ সীমাত প্ৰৱেশ কৰিছিল চীনৰ বিমানে। কোনাে দেশৰ স’তে বন্ধুত্ব সম্পর্ক থকাৰ অৰ্থ এইটো নহয় যে আমি নিজ দেশৰ নিৰাপত্তাৰ স’তে বুজাপৰা কৰিম।

এই ঘটনাৰ সন্দৰ্ভত আমি চীনৰ ৰাষ্ট্রদূতৰ পৰা উত্তৰ বিচাৰিছাে। এনে ঘটনা দেশৰ সার্বভৌমত্বৰ প্ৰতি ভাবুকি স্বরূপ।

Exit mobile version