এএপ বিধায়কে বলীউডৰ গীত গাই দিলে প্ৰতিষেধকৰ বিষয়ে বাৰ্তা

7gmpsfpo rohit mehraulia singing

বিধ্বংসী কৰ’না ভাইৰাছৰ পৰা সুস্থ হ’বলৈ ধৰা দেশখনক যাতে পুনৰ কৰ’নাই গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে সকলোৱে যথাসম্ভৱ সহায় কৰিবলৈ চেষ্টা কৰিছে । এজন জনপ্ৰতিনিধিয়ে ক’ভিড প্ৰতিষেধকৰ বিষয়ে সচেতনতা বৃদ্ধি কৰিবলৈ আৰু সংকোশ নোহোৱা কৰিবলৈ গিটাৰ আৰু আফ্ৰিকান ড্ৰাম ডেম্বেৰে পথ সজাগতা কৰিছে ।

দিল্লীৰ এএপি-ৰ বিধায়ক ৰোহিত মেহৰুলিয়াৰ বেণ্ডে পূৱ দিল্লীৰ ত্ৰিল’কপুৰিবাসীক ‘ইনা মীনা দিকা, লগাৱ ভাই টিকা’ গীত গাই ভেকচিন লৈ মাৰাত্মক ভাইৰাছক প্ৰতিহত কৰিবলৈ কয় ।

  এএপি-ৰ সদস্য নাগেন্দৰ সিঙে পোষ্ট কৰা এটা ভিডিঅ’ত দেখা যায়, মেহৰুলিয়াই এটা বগা কামিজ পৰিধান কৰি তেওঁৰ বেণ্ডৰ স’তে পথত ১৯৫৭ৰ ‘আশা’ চলচ্চিত্ৰৰ কিশোৰ কুমাৰে গোৱা এটি গীত পৰিৱেশন কৰিছে ।

সকলোৱে মাস্ক পৰিধান কৰি আছে । তেওঁলোকে গীতিৰ জৰিয়তে জনসাধাৰণক ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ কয়, ‘অফৱাঅ’ পে মত যানা, কৰ’না কো হে জড়ছে মিতানা’ ।

দিল্লী বিধানসভা ২০২০ নিৰ্বাচনত নিৰ্বাচিত হোৱা মেহৰুলিয়া এজন প্ৰাক্তন সংগীত শিক্ষক । সমষ্টিৰ আৰ্থিকভাৱে দুৰ্বল জনসাধাৰণ আৰু টিকাকৰণৰ বিষয়ত তেওঁলোকৰ মাজত সৃষ্টি হোৱা উৰাবাতৰি নোহোৱা কৰিবলৈ বিধায়কগৰাকীয়ে তেওঁৰ প্ৰতিভাৰ ব্যৱহাৰ কৰিছে । তেওঁ আগতে হোটেল আৰু অন্যান্য ঠাইত গীত পৰিৱেশন কৰিছিল ।

বিধায়কগৰাকীয়ে ত্ৰিল’পুৰিত কৰা  সজাগতাৰ কিছুমান ভিডিঅ’ ৰিটুইট কৰিছে আৰু সামাজিক মাধ্যমে তেওঁৰ প্ৰচেষ্টাৰ শলাগ লৈছে ।

 

Exit mobile version