দিল্লীৰ এইমছৰ গৱেষণামূলক অধ্যয়নৰ তথ্য

guj 18vaccine 3col

যােৱা এপ্রিলৰ পৰা মে’ৰ ভিতৰত যিসকল লােকে ক’ভিডৰ প্রতিষেধক গ্ৰহণ কৰিছিল, সেইসকল লােকৰ অনেক কৰ’নাত আক্ৰান্ত হৈছিল যদিও তেওঁলােকৰ প্রাণহানি হােৱা নাছিল।

ADVERTISEMENT

নতুন দিল্লীস্থ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ৰ গৱেষণামূলক অধ্যয়নত প্রকাশ পালে এই তথ্য। এইমছৰ প্রতিবেদনত প্ৰকাশ পােৱা তথ্য অনুসৰি, দেশত ক’ভিডৰ প্রতিষেধক লােৱাৰ পাছতাে কিছুসংখ্যক লােক এই ভাইৰাছত আক্রান্ত হৈছে যদিও তেওঁলােকৰ ক্ষেত্ৰত ক’ভিড সংক্রমণ প্রাণঘাতক প্রমাণিত নহ’ল।

টিকাগ্ৰহণৰ পাছত কোনাে ব্যক্তি ৰােগত আক্রান্ত হলে সেই সংক্রমণক বিশেষজ্ঞসকলে ‘বেকথ্র’ সংক্রমণ’ বুলি অভিহিত কৰে। পূর্বেও আমেৰিকাৰ ‘চেণ্টাৰ ফৰ ডিজিজ কন্ট্র’ল এণ্ড প্রিভেনচন’ (চি ডি চি)-এ এই কথা প্রকাশ কৰি কৈছিল যে প্রতিষেধক গ্রহণৰ পাছত খুব কমসংখ্যক লােক গুৰুতৰভাৱে ক’ভিড আক্ৰান্ত হৈছিল, যিসকলক হাস্পতালত ভর্তি কৰােৱা হৈছিল।

কিন্তু প্রতিষেধক লােৱা ব্যক্তিৰ মাজত ক’ভিডত মৃত্যুৰ হাৰ যথেষ্ট কম প্রত্যক্ষ হৈছে। চি ডি চিৰ এই দাবীৰ ভিত্তিতে গৱেষণা চলাই এইমছৰ গৱেষকে প্রকাশ কৰা অনুসৰি, যােৱা এপ্রিল-মে’ত অতিমাৰীৰ দ্বিতীয় ঢৌৰ সময়ত দেশত টিকা লােৱা অনেক ব্যক্তি ক’ভিডত আক্রান্ত হৈছিল আৰু তেওঁলােকৰ শৰীৰত ‘ভাইৰেল ল’ড’ৰ পৰিমাণাে যথেষ্ট অধিক আছিল।

কিন্তু এইসকল টিকাগ্রহণকাৰী ক’ভিড ৰােগীৰ এজনৰাে দেশত মৃত্যু হােৱা নাছিল। এইমছে প্রতিবেদনত উল্লেখ কৰি কয় যে গৱেষণামূলক অধ্যয়নটোৰ বাবে তেওঁলােকে টিকাগ্ৰহণৰ পাছত ক’ভিডত আক্রান্ত হােৱা দেশৰ ৬৩ জন ব্যক্তিক বাচি লৈছিল।

এইসকল ৰােগীক লৈ গৱেষণা চলােৱাৰ সময়ত কোন ব্যক্তিৰ শৰীৰত কি প্রজাতিৰ ভাইৰাছৰ সংক্রমণ হৈছিল, সেই কথালৈ বিশেষ দৃষ্টি ৰখা হৈছিল। টিকা লােৱাৰ পাছত ক’ভিডত আক্রান্ত ৬৩ ব্যক্তিৰ মাজত ৩৬ জনে দুপালি প্রতিষেধক আৰু ২৭ জনে প্রথম পালি প্রতিষেধক গ্রহণ কৰিছিল।

অধ্যয়নৰ জৰিয়তে জানিব পৰা যায় যে আক্রান্ত ব্যক্তিকেইজনৰ শৰীৰত পাঁচ-সাতদিনলৈকে জুৰ আছিল যদিও তেওঁলােকৰ স্বাস্থ্যৰ অৱস্থা স্থিতিশীল আছিল। তেওঁলােকে আক্রান্ত হােৱাৰ ফলত শৰীৰত এন্টিব’ডী’ গঢ় লৈ উঠিছিল আৰু ইয়াৰ স’তে প্রতিষেধক মিশ্রণ হােৱাত আক্রান্ত ব্যক্তিৰ শৰীৰত এক ‘যৌথ প্ৰতিৰােধ’ ক্ষমতাৰ সৃষ্টি হৈছিল।

কৰ’নাৰ প্রতিষেধক গ্রহণৰ পাছত ৰােগ প্ৰতিৰােধ ক্ষমতা শৰীৰত কিমান দিনলৈ বৰ্তি থাকিব, তাক লৈ অনেকৰ মনত এক প্রশ্ন উত্থাপিত হৈছিল। এই প্রশ্নৰ সন্দৰ্ভতে দুমাহ ধৰি প্রতিষেধক লােৱা ক’ভিড আক্রান্তক সামৰি দিল্লীস্থ এইমছে চলােৱা অধ্যয়নত গৱেষকে এক ইতিবাচক উত্তৰ লাভ কৰিবলৈ সক্ষম হ’ল।

এইমছৰ বিশেষজ্ঞ মতে, ক’ভিডৰ দুপালি প্রতিষেধক লােৱাৰ পাছতাে কোনাে ব্যক্তি এই ভাইৰাছত আক্রান্ত হ’ব পাৰে, কিন্তু এতিয়ালৈকে চলােৱা অধ্যয়নৰ তথ্য অনুসৰি, প্রতিষেধক লােৱা ব্যক্তিৰ ক্ষেত্ৰত কৰ’নাত মৃত্যুৰ শংকা তেনেই সীমিত হয়।

ক’ভিডে বিশ্বজুৰি সৃষ্টি কৰা মহাআতংকৰ সময়ত এইমছৰ গৱেষকৰ অধ্যয়নৰ এই প্রতিবেদনে কিছু আশা কঢ়িয়াই আনিলে বুলি বিশেষজ্ঞমহলে মন্তব্য কৰিছে।

Exit mobile version