ফেচবুকত দুবছৰৰ বাবে নিষিদ্ধ ট্ৰাম্প, কেপিটেল হিংসাক লৈ বিতৰ্কিত পোষ্ট কৰাৰ অভিযোগ

eubdenv4n81nmki2 1622861136

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক প্ৰায় দুবছৰৰ বাবে নিষিদ্ধ কৰিলে ফেচবুকে । চলিত বৰ্ষৰ জানুৱাৰীত তেওঁক কেপিটেল হিংসাৰ পৰিপ্ৰেক্ষিতত ফেচবুক প্লেটফৰ্মৰ পৰা অনিৰ্দিষ্ট কাললৈ সাময়িক নিলম্বন কৰা হৈছিল । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাছত উচতনিমূলক মন্তব্য কৰাৰ বাবেই একাউণ্ট সাময়িক নিলম্বন কৰা হৈছিল । এইবাৰ দুই বছৰৰ নিষেধাজ্ঞা জাৰি কৰা হ’ল । ২০২৩ৰ জানুৱাৰী পৰ্যন্ত অব্যাহত থাকিব এই নিষেধাজ্ঞা

ফেচবুকৰ উপ-সভাপতি নিক ক্লেগে এক বিবৃতিত জনায়, ‘ট্ৰাম্পৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰাৰ কাৰণবোৰ গুৰুত্বৰ । আমি ভাবো যে, তেওঁৰ পদক্ষেপবোৰে আমাৰ বিধিনিষেধবোৰ লংঘন কৰিছে । সেয়ে তেওঁৰ এই পদক্ষেপ শাস্তিৰ যোগ্য ।’

ফেচবুকৰ কৰ্তৃপক্ষই লগতে জনায় যে, জনসাধাৰণৰ নিৰাপত্তা সংক্ৰান্ত শংসয় হ্ৰাস হ’লেই তেওঁলোকে ট্ৰাম্পৰ ওপৰৰ পৰা নিষেধাজ্ঞা উঠাই ল’ব ।

Exit mobile version