সূর্যক প্রত্যাহ্বান চীনৰ কৃত্রিম সূর্য !

সৌৰ কেন্দ্ৰতকৈও অধিক উত্তাপ বিস্মিত বিজ্ঞানী

golden fusion reactor animation 1024

নকল সামগ্রীয়ে কেতিয়াও প্রকৃত সামগ্রীক প্ৰত্যাহ্বান জনাব নােৱাৰে। আমি সকলােৱে এই ধাৰণাৰ বশৱৰ্তী। নকল সদায় নকলে। কিন্তু এই ধাৰণা কিমান সত্য ?

অন্তত চীনৰ কৃত্রিম সূর্যই এই ধাৰণাক চুৰ কৰিলে বুলি ক’ব পাৰি। সূর্যৰ কেন্দ্ৰৰ উষ্ণতা হৈছে ডেৰ কোটি ডিগ্রী চেলচিয়াছ। চীনৰ কৃত্রিম সূর্যই উৎপাদন কৰিবলৈ সক্ষম হৈছে ১২ কোটি ডিগ্রী চেলচিয়াছ ডিগ্রী উষ্ণতা। অর্থাৎ সূৰ্যৰ কেন্দ্ৰৰ তাপমাত্রাতকৈ প্রায় আঠগুণ অধিক।

অৱশ্যে মাত্র ১০১ ছেকেণ্ডৰ বাবেহে এইদৰে চীনৰ কৃত্রিম সূর্যই অবিশ্বাস্য পৰিমাণৰ তাপ উৎপন্ন কৰিবলৈ সক্ষম হৈছে। স্বল্প সময়ৰ বাবে হলেও চীনৰ বিজ্ঞানীৰ এই সাফল্যই চমকিত কৰিলে বিশ্বৰ বৈজ্ঞানিক মহলক।

মাত্র ২০ ছেকেণ্ডৰ বাবে এই কৃত্রিম সূর্যই উৎপন্ন কৰিলে ১৬ কোটি ডিগ্রী চেলচিয়াছৰ তাপমাত্রা। বর্তমানে চীনৰ বিজ্ঞানীয়ে দীর্ঘ সময়ৰ বাবে এই ধৰণৰে তাপমাত্র উৎপাদন কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে।সূৰ্যৰ আভ্যন্তৰত নিৰন্তৰে ‘নিউক্লিয়াৰ ফিউচন’ প্রক্রিয়াৰ জৰিয়তে হাইড্রজেনৰ পৰা হিলিয়াম উৎপন্ন হয়।

এই প্রক্রিয়াতে উৎপন্ন হয় উক্ত বিপুল তাপশক্তি। এই পদ্ধতিকে ব্যৱহাৰ কৰি বাজিমাৎ কৰিলে চীনৰ ‘এক্সপেৰিমেণ্টেল এডভান্সড ছুপাৰকনডাক্টিং ট’কামেক’ আৰু ইষ্ট ফিউচন ৰিয়েক্টৰে। চীনৰ চৰকাৰ পৰিচালিত সংবাদ মাধ্যম ‘গ্ল’বেল টাইমছ’-এ এই পৰীক্ষাত ‘উল্লেখনীয় অগ্রগতি’ আখ্যা দি আগন্তুক দিনত নকল সূৰ্যৰ জৰিয়তে অধিক সফলতা অর্জনৰ আশা ব্যক্ত কৰিছে।

অৱশ্যে এই ৰিয়েক্টৰৰ কাম-কাজ এতিয়াও পৰীক্ষা- নিৰীক্ষামূলক পর্যায়তে আছে। চীনৰ বিজ্ঞানীৰ আশা অনুসৰি, আগন্তুক এক দশকৰ ভিতৰতে এই ক্ষেত্ৰত অধিক সফলতা অর্জন কৰাটো সম্ভৱ হ’ব।

এই লক্ষ্যত উপনীত হ’বলৈ সম্প্রতি নিয়ােজিত হৈছে চীনৰ ৩০০ জন বিজ্ঞানী আৰু অভিযন্তা।কিন্তু ইমান অধিক তাপমাত্রা উৎপন্ন কৰি কোন লক্ষ্যত উপনীত হ’ব বিচাৰিছে এই তথাকথিত ‘কৃত্রিম সূর্য’ই ?

আচলতে চীনৰ এই প্রকল্পৰ মুখ্য লক্ষ্য হৈছে। নিৰৱচ্ছিন্ন শক্তি প্ৰৱাহ তৈয়াৰ কৰা। সমুদ্র পৰা লাভ কৰা ডয়টেৰিয়ামৰ সহায়ত সূৰ্যৰ দৰেই নিউক্লিয়াৰ ফিউচন ঘটাই ‘কৃত্রিম সূর্য’ৰ সৃষ্টিৰে সেই শক্তিপ্ৰৱাহ তৈয়াৰ কৰিব বিচাৰিছে চীনৰ বিজ্ঞানীয়ে।

অৱশ্যে এই ক্ষেত্ৰত কেৱল চীনৰ বিজ্ঞানীয়ে নহয়, দক্ষিণ কোৰিয়াৰ বিজ্ঞানীয়েও কৃত্রিম সূর্য’ৰ জৰিয়তে উত্তাপ সৃষ্টি ক্ষেত্ৰত চীনক প্রত্যাহ্বান জনাইছে। ২০২০ ৰ ডিচেম্বৰতে ‘ছুপাৰ কনডাক্টিং ট’কামেক এডভান্সড ৰিচাৰ্ছ ফিউচন ডিভাইচ’-এ ১০ কোটি ডিগ্রী তাপমাত্রা উৎপাদন কৰিছিল।

অৱশ্যে মাত্র ২০ ছেকেণ্ডৰ বাবেহে এইদৰে কৃত্রিম সূর্য’ৰ জৰিয়তে এই বৃহৎ পৰিমাণৰ তাপমাত্রা উৎপন্ন কৰাটো সম্ভৱ হৈছিল।

Exit mobile version