কচুগাওঁৰ ৰায়মনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৰূপান্তৰ কৰাত অসম চৰকাৰক ধন্যবাদ জ্ঞাপন আক্রাছুৰ

1622918237 06park2 4c

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি পাঁচ জুন তাৰিখে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কচুগাওঁ বন খণ্ডৰ লগত সংলগ্ন হৈ থকা ৰায়মনা অভয়াৰণ্য ক নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিবলৈ ওলোৱা সিদ্ধান্তক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্রাছুয়ে আদৰণি জনাইছে।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনাধৰ ৰায় আজি এক প্ৰেছ বাৰ্তাত কয় যে ৰায়মনা অভয়াৰণ্য ক নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিবলৈ ওলোৱা এই সিদ্ধান্তৰ বাবে আমি নথৈ আনন্দিত আৰু অসমৰ নবনির্বাচিত মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছো।

ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনাধৰ ৰায় আৰু কয় যে আমি এই অঞ্চলটোক এখন পৰ্য্যটক কেন্দ্ৰৰ লগতে জীৱ বৈচিত্ৰময় ৰক্ষাৰ কেন্দ্ৰস্থলী ৰূপে গঢ়ি তুলিবলৈ আহ্বান কৰিছো।

Exit mobile version