আগষ্টৰ পৰাই ভাৰতীয় বজাৰত উপলব্ধ হ’ব পাৰে ন্যূনতম মূল্যৰ কৰ’না প্ৰতিষেধক ক’ৰ্বেভেক্স

istock 1251020606 1 994351 1622973177

ভাৰতত টিকাকৰণৰ হাৰ বৃদ্ধি কৰিবৰ বাবে আৰু কিছুসংখ্যক প্ৰতিষেধকক অনুমোদন পত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ‌ই । ইতিমধ্যে বহুকেইটা প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চলি আছে । ইয়াৰ ভিতৰত অন্যতম বায়’লজিকেল ই সংস্থাৰ তৈৰী ক’ৰ্বেভেক্স । তথ্য অনুসৰি, ভাৰতত ব্যৱহৃত প্ৰতিষেধকসমূহৰ ভিতৰত এইটোৱে আটাইতকৈ কম মূল্যৰ প্ৰতিষেধক ।

ইতিমধ্যে এই প্ৰতিষেধকৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন হৈছে । এই পৰীক্ষণৰ সন্তুষ্ট ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই) । তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতিও লাভ কৰিছে এই প্ৰতিষেধকে । অন্তিম পৰ্যায়ৰ পৰীক্ষণ সমাপ্ত হোৱাৰ পাছত আগষ্টৰ পৰা এই প্ৰতিষেধকৰ উৎপাদন কৰা হ’ব । আগষ্টৰ পৰা ডিচেম্বৰৰ ভিতৰত ৩০ কোটি ক’ৰ্বেভেক্স প্ৰতিষেধক উৎপাদন কৰাৰ লক্ষ্যমাত্ৰা লোৱা হৈছে । ইয়াৰ বাবে ১৫০০ কোটি টকা প্ৰদান কৰিব কেন্দ্ৰ‌ই ।

ক’ভিশ্বিল্ড আৰু ক’ভেক্সিনৰ দৰে ক’ৰ্বেভেক্সৰো দুপালি প্ৰতিষেধক ল’ব লাগিব । সংস্থাৰ পৰা লাভ কৰা তথ্য অনুসৰি, উৎপাদনৰ পাছত বজাৰত ক’ৰ্বেভেক্সৰ দুপালি প্ৰতিষেধকৰ মূল্য চাৰিশ টকাতকৈও কম হোৱাৰ সম্ভাৱনা । য’ত ক’ভিশ্বিল্ডৰ এপালি প্ৰতিষেধকৰ মূল্যই তিনিশৰ পৰা চাৰিশ টকা । ৰাছিয়ান স্পুটনিক-ভি প্ৰতিষেধকৰ মূল্য প্ৰায় হেজাৰ টকা । ইয়াৰ তুলনাত বহুগুণে সস্তীয়া ক’ৰ্বেভেক্স ।

Exit mobile version