হোজাই জিলাৰ কাকী অঞ্চলৰ উচ্ছেদকলৈ আমছুৰ প্ৰতিক্ৰিয়া

কোকৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্রীলৈ স্মাৰক পত্র প্ৰদান

WhatsApp Image 2021 06 07 at 5.55.27 PM

হোজাই জিলাৰ কাকী অঞ্চলৰ উচ্ছেদক কেন্দ্র কৰি জাঙুৰ খাই উঠিছে সদৌ অসম সংখ্যালঘু ছাত্র সন্থা চমুকৈ আমছু । সমগ্ৰ ৰাজ্যৰ লগতে আমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ো কোকৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্রীলৈ স্মাৰক পত্র প্ৰদান কৰে।

মূখ্যমন্ত্রীলৈ প্ৰদান কৰা স্মাৰক পত্রত উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবী জনায় আমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে। আজি আমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে কলা বেজ পৰিধান কৰি কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

ইয়াৰ লগতে স্মাৰক পত্রখনত উল্লেখ কৰে যে উচ্চ ন্যায়ালয়ে ১০ মে তাৰিখে এক নিৰ্দেশনা জাৰী কৰি কৈছে যে ক’ভিড মহামাৰীৰ সময়ত ৰাজ্যত উচ্ছেদ বন্ধ কৰিব লাগে আৰু সেয়েহে উচ্ছেদ বন্ধ কৰিবলৈ আহ্বান জনায় আমছুয়ে।

আজিৰ স্মাৰক পত্র প্ৰদান অনুষ্ঠানত উপস্থিত থাকে আমছুৰ কোকৰাঝাৰ জিলাৰ সভাপতি আমিনুৰ ইছলাম, সাধাৰণ সম্পাদক আব্দুল লতিফ শেখ, কাৰ্যকৰী সভাপতি জমিৰ আলী শেখৰ লগতে কোকৰাঝাৰ জিলা আমছুৰ উপদেষ্টা আনোৱাৰ হুছেইন।

Exit mobile version