ৰে’ল বিভাগত ১৬ টা জ’নত ১২ হেজাৰ পদ সংকোচনৰ নিৰ্দেশ

WAP 4 Class locomotive of Indian Railways

কোনোৱে বাণিজ্যিক বিভাগত কাম কৰে আৰু কোনোৱে ব্যক্তিগত বা কৰ্মী বিষয়ক বিভাগত । ৰে’ল বিভাগে জনায় যে, এইসমূহ বিভাগত বিষয়াৰ সংখ্যা তুলনামূলকভাৱে বেছি । তেওঁলোকৰ কিছুসংখ্যকক কমাই দিলেও অসুবিধা নহ’ব । সেয়ে অতিমাৰী পৰিস্থিতিৰ মাজতে ১২ হেজাৰৰো অধিক পদ কম কৰাৰ নিৰ্দেশ দিছে ৰে’ল বোৰ্ডে । ১৬ টা জ’নৰ ক’ত কিমান পদ কম কৰা হ’ব তাৰো লক্ষ্যমাত্ৰা বান্ধি দিয়া হৈছে ।

পূৱ ৰে’লৱেত ১৩ শ আৰু দক্ষিণ-পূৱ ৰে’লৱেত নশ পদ হ্ৰাস কৰাৰ নিৰ্দেশ দিয়া হৈছে । কৰ্মী সংগঠনবোৰৰ মাজত ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে । ৰে’ল বিভাগৰ দাবী, প্ৰত্যক্ষভাৱে পদ প্ৰত্যাহাৰ কৰা নাই । যিসমূহ পদৰ প্ৰয়োজন নাই, সেইসমূহ পদ প্ৰত্যাহাৰ কৰি নতুন যিবোৰ ক্ষেত্ৰত কৰ্মীৰ প্ৰয়োজন সেইসমূহত পদ সৃষ্টি কৰা হ’ব । সম্প্ৰতি ১৬ টা জ’নকে এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ।

আটাইতকৈ বেছি পদ প্ৰত্যাহাৰ কৰাৰ লক্ষ্যমাত্ৰা দিয়া হৈছে উত্তৰ ৰে’লৱেক । এই ৰে’লৱেত ২৩৫০টা পদ কম কৰা হ’ব । ইয়াৰ পাছতেই আছে পূৱ আৰু দক্ষিণ ৰে’ল । এই দুই জ’নতে ১৩ শ পদ  কম কৰাৰ লক্ষ‌্যমাত্ৰা বান্ধি দিয়া হৈছে ।

পদ সংকোচনৰ পাছত কিমান ধন সঞ্চয় হৈছে তাৰ হিচাপ দিয়াৰো নিৰ্দেশ দিছে বোৰ্ডে । সেই অংক পৰ্যৱেক্ষণ কৰি ক’ত কিমান নতুন পদ সৃষ্টি কৰিব পাৰি জনোৱা হ’ব । ৰে’লকৰ্তাসকলৰ একাংশই অৱশ্যে এই নিৰ্দেশনাক ‘স্বাভাৱিক প্ৰক্ৰিয়া’ বুলি কৈছে । তেওঁলোকৰ মন্তব্য, সময়ৰ স’তে পদ পুনৰ্গঠন প্ৰক্ৰিয়াৰ অংশ হিচাপেই এই কাৰ্য কৰা হৈছে ।

ৰে’লৰ কৰ্মী সংগঠনবোৰে এই মন্তব্য সমৰ্থন নকৰে তেওঁলোকৰ অভিযোগ, সমগ্ৰ দেশত এক লাখৰো অধিক ৰে’লকৰ্মী কৰ’নাত আক্ৰান্ত হৈছে । প্ৰায় দুহেজাৰ কৰ্মীৰ মৃত্যু হৈছে । কঠিন পৰিস্থিতিৰ মাজতে নিজৰ জীৱনকো হেয় কৰি ৰে’লকৰ্মীসকলে নানা ধৰণৰ কাম কৰিবলগীয়া হৈছে । মাত্ৰ ৩০ শতাংশ কৰ্মীক প্ৰতিষেধক প্ৰদান কৰা হৈছে । এনে পৰিস্থিতিত ৰে’ল কৰ্তৃপক্ষ পদ সংকোচনৰ নিৰ্দেশ দি কৰ্মীসকলৰ মাজত অস্থিৰতা সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে ।

Exit mobile version